গোৱালপাৰা,১৭ জুন : ৰাজ্যত বানপানী আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and landslide in Assam)। শেহতীয়াকৈ গোৱালপাৰাত ভূমিস্খলনত ২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । এতিয়াও জিলাখনৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে ।
শুকুৰবাৰে পুনৰ গোৱালপাৰা চহৰৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslide in Goalpara)। মুষলধাৰ বৰষুণৰ ফলত খহি পৰে হুলুকান্দা পাহাৰৰ মাটি । পাহাৰৰ পৰা মাটি খহি পৰি কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে কোনো লোক হতাহত হোৱা নাই যদিও ভূমিস্খলনৰ ফলত পৰিয়ালকেইটাৰ বহু সা-সম্পদ নষ্ট হয় ।
ইফালে বিগত কিছু দিনৰ পৰা হুলুকান্দা পাহাৰত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংগঠিত হৈছে । শুকুৰবাৰে ভূমিস্খলন হোৱাৰ পাছতে জিলা প্ৰশাসনৰ লোকসকল সেই স্থানত উপস্থিত হয় । দুৰ্যোগ প্ৰশমন বিভাগ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰৰ ব্যৱস্থা কৰে । ইফালে অঞ্চলটোৰ বাকী লোকসকলক সতৰ্ক কৰি দিয়াৰ লগতে নিৰাপদ স্থান অথবা আশ্ৰয় শিবিৰলৈ যোৱাৰ বাবে প্ৰশাসনে আহ্বান জনায় ।
লগতে পঢ়ক :Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ