পশ্চিম গোৱালপাৰা,7 আগষ্টঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ গাতে লাগি থকা জিঞ্জিৰাম নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে সমগ্ৰ অঞ্চলবাসীক ৷ দলং উন্নয়নৰ দাবী কৰি অহাৰ পিছতো এখন পকী দলং নোপোৱাৰ অভিযোগ অঞ্চলবাসীৰ । অভিযোগ মতে, পথ উন্নয়নত গুৰুত্ব নাই জিলা গড়কাপ্তানী বিভাগৰ । বাৰিষা আহিলেই বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙ খন । ফলত বাৰিষা ৫ টকা খৰছ কৰি নদীখন নাৱেৰে পাৰ হ'ব লগা হয় অঞ্চলবাসীয়ে । বছৰ বছৰ ধৰি যোগাযোগৰ ক্ষেত্ৰত চৰম জীয়াতু ভুগিবলগীয়া হৈ আহিছে ভাইভনী ,ধামৰ,হাতোগাওঁ আদি বিভিন্ন অঞ্চলৰ ৰাইজে ।
জিঞ্জিৰাম নৈৰ ওপৰেৰে বিপদসংকুল যাতায়ত ! - লক্ষীপুৰ নগৰ
পশ্চিম গোৱালপাৰাৰ জিঞ্জিৰাম নৈৰ ওপৰত থকা দলং খনে জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক । বাৰিষা আহিলেই দলং খন উটুৱাই নিয়ে বাঢ়নী পানীয়ে ৷ বাৰিষাৰ সময়ছোৱাত অঞ্চলবাসীয়ে নাৱেৰে পাৰ হ'ব লগা হয় নদীখন ৷
পশ্চিম গোৱালপাৰা,7 আগষ্টঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ গাতে লাগি থকা জিঞ্জিৰাম নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে সমগ্ৰ অঞ্চলবাসীক ৷ দলং উন্নয়নৰ দাবী কৰি অহাৰ পিছতো এখন পকী দলং নোপোৱাৰ অভিযোগ অঞ্চলবাসীৰ । অভিযোগ মতে, পথ উন্নয়নত গুৰুত্ব নাই জিলা গড়কাপ্তানী বিভাগৰ । বাৰিষা আহিলেই বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙ খন । ফলত বাৰিষা ৫ টকা খৰছ কৰি নদীখন নাৱেৰে পাৰ হ'ব লগা হয় অঞ্চলবাসীয়ে । বছৰ বছৰ ধৰি যোগাযোগৰ ক্ষেত্ৰত চৰম জীয়াতু ভুগিবলগীয়া হৈ আহিছে ভাইভনী ,ধামৰ,হাতোগাওঁ আদি বিভিন্ন অঞ্চলৰ ৰাইজে ।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।