ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 5, 2020, 3:38 PM IST

দুধনৈ-গোৱালপাৰা পূৱ ক্ষেত্ৰীয় গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনস্থ,বলদমাৰী চৰ চতুৰ্থ খণ্ডৰ পৰা নেতাজী ক্লাবলৈ যোৱা, ৪.৭৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ জয়ন্তী কনষ্ট্ৰাকশ্যন এণ্ড ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ ৷

corruption on pmgsy road construction in goalpara

গোৱালপাৰা, 5 জুনঃ গোৱালপাৰাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান কামত দুৰ্নীতিৰ অভিযোগ জয়ন্তী কনষ্ট্ৰাকশ্যন এণ্ড ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে ৷ ক্ষুব্ধ ৰাইজে সম্প্ৰতি বন্ধ কৰি দিছে পথটোৰ নিৰ্মাণৰ কাম ৷ দুধনৈ-গোৱালপাৰা পূৱ ক্ষেত্ৰীয় গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনস্থ বলদমাৰী চৰ চতুৰ্থ খণ্ডৰ পৰা,নেতাজী ক্লাবলৈ যোৱা ৪.৭৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছিল জয়ন্তী কনষ্ট্ৰাকশ্যন এণ্ড ইঞ্জিনিয়াৰিং লিমিটেডক ৷ এই পথছোৱা নিৰ্মাণৰ কামত ধাৰ্য কৰা হৈছিল ৬.৪৩ কোটি টকা ৷

গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ধাৰ্যকৃত ব্যয়ৰে নিৰ্মাণৰত পথটোৰ নিৰ্মাণত কোম্পনীটোৰ কৰ্তৃপক্ষই অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰাকলন মতে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে ৷ কৰ্তৃপক্ষক বাৰম্বাৰ কামখিনি সুচাৰুৰূপে পালন কৰিবলৈ ৰাইজে আহ্বান জনাই আহিছে যদিও, তেওঁলোকে কোনো গুৰুত্ব নিদিয়াত সম্প্ৰতি পথটোৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে স্থানীয় লোকে ৷ উল্লেখ্য যে গোৱালপাৰ জিলাৰ গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনৰ প্ৰায়ভাগ নিৰ্মিয়মাণ পথৰ নিৰ্মাণকাৰ্যত কোম্পানীটোয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ তিনিচুকীয়াৰ ৰাজপথত হাজাৰ-হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.