ETV Bharat / state

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি গোৱালপাৰাত - এমজিএনৰেগা আঁচনী

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূণ্য সহনশীল নীতি এক চূড়ান্ত ভেকোভাওনা৷ এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পকী পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে গোৱালপাৰাত৷

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি গোৱালপাৰাত
author img

By

Published : Aug 21, 2019, 10:17 AM IST

গোৱালপাৰা, 21 আগষ্ট: দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূণ্য সহনশীল নীতি এক চূড়ান্ত ভেকোভাওনা৷ এমজিএনৰেগা আঁচনীৰ অধীনত নিৰ্মাণ হোৱা পকী পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে গোৱালপাৰাত ৷ গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত গোলাম নবী হাউচৰ পৰা উচমানগণি হাউচ হৈ ডেকধৱা লৈ যোৱা পকী পথৰ নিৰ্মাণৰ বাবে গৰকপ্তানী বিভাগে আবন্টন দিছিল প্ৰায় দহ লাখ টকা৷ বিভাগটোৱে পথটোৰ নিৰ্মাণৰ দ্বায়িত্ব অৰ্পণ কৰিছিল পঞ্চায়ত সভানেত্ৰী ছালেহা বেগমৰ ওপৰত৷ কিন্তু ৰাইজক আশা-ভৰষাৰ হত্যা কৰি পথছোৱা নিৰ্মাণত চৰম দুৰ্নীতি কৰা পৰিলক্ষিত হ'ল ছালেহা বেগমে৷ পথছোৱা নিৰ্মাণত চেণ্ট গ্ৰেভাল আৰু শিল ব্যৱহাৰ কৰিব লাগিছিল যদিও ইয়াৰে এটাও ব্যৱহাৰ নকৰি কেৱল তিনি ট্ৰাক মাটি পেলাই কাম শেষ কৰিলে দ্বায়িত্বত থকা লোকসকলে৷

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি গোৱালপাৰাত

এমজিএনৰেগা আঁচনীৰ অধীনত 10 লাখ টকা গড়কাপ্তানী বিভাগে আৱণ্টন দিয়াৰ পিছতো পথছোৱা নিৰ্মাণৰ নামত অভিযন্তা তথা বিধায়ক ৰাছিদ আলমে চৰম দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ধনৰ লোভত বিষয়া কৰ্মচাৰী তথা বিধায়ক সকল মেনেজ হ'লেও ঠিকাদাৰ আৰু প্ৰাক্তন সভানেত্ৰী চালেহাৰ এনে ভয়ংকৰ দুৰ্নীতি মানি লবলৈ সাজু ডেকধৱাবাসী ৰাইজ৷ সেয়েহে ঠিকাদাৰ তথা পূব সমষ্টিৰ বিধায়ক একে ৰাছিদ আলমকে ধৰি আৰু পথটোৰ নিৰ্মাণৰ দ্বায়িত্বত থকা লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে৷

পথ নিৰ্মাণৰ নামত সংগঠিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ডেকধৱাবাসী ৰাইজে ৷ পকীপথৰ নামত সংঘটিত এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নাই সেইয়া লক্ষণীয় হ'ব৷

Intro:Anchor :- দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰ শূণ্য সহণশীল নীতি এক চূড়ান্ত ভেকোৱভাওনা। MGNREGA ৰ অধীনত নিৰ্মান হোৱা পকী পথ নিৰ্মাণত গোৱালপাৰাত ভয়ংকৰ দুৰ্নীতি।চেণ্ট গ্ৰেভাল শিল ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণ।দুৰ্নীতি গ্রস্ত ঠিকাদাৰ ৰ তথা পূব সমষ্টিৰ বিধায়ক AK ৰাছিদ আলমৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।চাওক এই সন্দৰ্ভত ই টি ভি ভাৰত অসমৰ এক প্ৰতিবেদন।

Body:Anchor :- দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰ শূণ্য সহণশীল নীতি এক চূড়ান্ত ভেকোৱভাওনা MGNEREGA ৰ অধীনত নিৰ্মান হোৱা পকী পথ নিৰ্মাণত গোৱালপাৰাত ভয়ংকৰ দুৰ্নীতি।চেণ্ট গ্ৰেভাল শিল ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণ।দুৰ্নীতি গ্রস্ত ঠিকাদাৰ ৰ তথা পূব সমষ্টিৰ বিধায়ক AK ৰাছিদ আলমৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।চাওক এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক প্ৰতিবেদন। V.O :- দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য2চৰকাৰে শূণ্য সহণশীল নীতিৰ কথা বিভিন্ন সভা সমিতিত কৈ থকা দেখা যায়।কিন্তু ৰাজ্যৰ গৰকপ্তানী বিভাগত কি সংগঠিত হৈছে চাওক......।গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত গোলাম নবী হাউচ ৰ পৰা উচমানগণি হাউচ হৈ ডেকধৱা লৈ যোৱা পকী পথৰ নিৰ্মাণ ৰ বাবে গৰকপ্তানী বিভাগে আবন্টন দিছিল প্ৰায় দহ লাখ টকা।বিভাগটোৱে কামৰ দায়িত্ব দিছিল পঞ্চায়ত সভানেত্ৰী ছালেহা বেগম।কিন্তু ঠিকাদাৰ চালে হা কি কৰিছে চাওক.....।পথছোৱা নিৰ্মাণ ত চেণ্ট গ্ৰেভাল আৰু শিল ব্যৱহাৰ কৰিব লাগিছিল যদিও ইয়াৰে এটাও ব্যৱহাৰ কৰা নাই কেৱল তিনি ট্ৰাক মাটি পেলাই কাম শেষ।এক নাভূত নাশ্ৰুত কাণ্ড।পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ তথা প্ৰাক্তন সভানেত্ৰী চালে হা এনে ভয়ংকৰ দুৰ্নীতি কেনেকৈ সংগঠিত কৰিবা পাৰিলে???অভিযন্তা তথা বিধায়ক AK ৰাছিদ আলম কি কৰিলে??উত্তৰ তেনেই সহজ।সকলো মেনেজ!!!!! V.O ধনৰ লোভত বিষয়া কৰ্মচাৰী তথা বিধায়ক সকল মেনেজ হলেও ঠিকাদাৰ প্ৰাক্তন সভানেত্ৰী চালে হা ৰ এনে2ভয়ংকৰ দুৰ্নীতি মানি নলয় ডেকধৱা বাসী ৰাইজ।ঠিকাদাৰ ৰ নাভূত নাশ্ৰুত কাম আৰু দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।ৰাইজৰ এটাই দাবী পকী পথ নিৰ্মাণৰ নামত সংগঠিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিকাদাৰৰ বিরুদ্ধে।এতিয়া প্ৰশ্ন হয়, পকী পথৰ নামত সংগঠিত এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে????? byte 1,2,3, স্থানীয় ৰাইজ। গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।

Conclusion:byte 1,2,3,4 স্থানীয় ৰাইজ। গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.