ETV Bharat / state

Goalpara Suicide case : জিলা সত্ৰ ন্যায়াধীশৰ আৱাসগৃহৰ কৰ্মচাৰীৰ আত্মহত্যা - জিলা সত্ৰ ন্যায়াধীশৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যা

জিলা সত্ৰ ন্যায়াধীশৰ আৱাসগৃহৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যা (Sensational suicide in Goalpara)। ব্ৰহ্মপুত্ৰৰ পাৰত চাইকেল আৰু চুইচাইড নোট উদ্ধাৰ । চুইচাইড নোটত জিলা সত্ৰ ন্যায়াধীশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ।

Goalpara Suicide case
জিলা সত্ৰ ন্যায়াধীশৰ আৱাসগৃহৰ অস্থায়ী কৰ্মচাৰীৰ আত্মহত্যা
author img

By

Published : Jul 13, 2022, 5:32 PM IST

গোৱালপাৰা,১৩ জুলাই : গোৱালপাৰাত চাঞ্চল্যকৰ ঘটনা । জিলা সত্ৰ ন্যায়াধীশৰ অস্থায়ী কৰ্মচাৰীয়ে কৰিলে আত্মহত্যা (Sensational suicide in Goalpara)। লোহিত দাস নামৰ অস্থায়ী কৰ্মচাৰীজনে ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহত্যা কৰাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Contractual employee of district sessions judges commits suicide)। জিলা সত্ৰ ন্যায়াধীশৰ মানসিক নিৰ্যাতনৰ বলি হৈ লোহিত দাসে আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ।

জিলা সত্ৰ ন্যায়াধীশৰ আৱাসগৃহৰ কৰ্মচাৰীৰ আত্মহত্যা

উল্লেখ্য যে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আৱাসগৃহত অস্থায়ী কৰ্মচাৰী হিচাপে আছিল লোহিত দাস । কিন্তু ন্যায়াধীশগৰাকীয়ে প্ৰতি মুহূৰ্ততে কামৰ পৰা উলিয়াই দিয়াৰ ধমক দিছিল লোহিতক । লোহিতৰ মূৰত আছিল ঋণৰ বোজা । সেয়ে ঋণ পৰিশোধ কৰিবৰ বাবে কামৰ পৰা বহিষ্কাৰ নকৰিবলৈ লোহিতে কাকূতি মিনতিও কৰিবলগীয়া হৈছিল ন্যায়াধীশগৰাকীক ।

সংবাদমাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে লোহিতৰ পত্নীয়ে । ইয়াৰোপৰি ন্যায়াধীশগৰাকীয়ে লোহিত দাসক বিভিন্ন ধৰণে মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ কৰে পৰিয়ালৰ লোকে । ইফালে হঠাৎ যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোহিত দাস । তাৰ পিছৰে পৰা লোহিত বিচাৰি ফুৰিছিল পৰিয়ালৰ লোকে ।

Goalpara Suicide case
ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ চুইচাইড নোট

আনকি স্বামীৰ কথা পত্নীয়ে সুধিবলৈ যোৱাত ন্যায়াধীয় শৰ্মিলা ভূঞাই গেটৰ সন্মুখৰ পৰাই অপমান কৰি লোহিতৰ পত্নীক পঠিয়াই দিয়ে । তিনি দিনৰ অন্তত অৰ্থাৎ বুধবাৰে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত লোহিতৰ চাইকেলখন আৰু চুইছাইড নোট উদ্ধাৰ কৰা হয় । ইতিমধ্যে SDRFৰ দলে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও লোহিতৰ কোনো শুংসূত্ৰ লাভ কৰা নাই উদ্ধাৰকাৰী দলে ।

লক্ষণীয়ভাৱে লোহিত দাসে চুইছাইড নোটতো ন্যায়াধীশগৰাকীয়ে মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে ।

লগতে পঢ়ক :Anti drugs mission: লামডিঙত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.