ETV Bharat / state

Critical Care Hospital Scam: গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ৰোগীক লুণ্ঠনৰ অভিযোগ - গোৱালপাৰা অসামৰিক চিকিৎসালয়

ইটোৰ পিচত সিটোকৈ বিতৰ্কত সোমাইছে গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতাল ৷ ৰোগীৰ পৰা অত্যাধিক ধন লৈ এইবাৰ পুনৰ শ’লঠেকত পৰিল হাস্পতাল কৰ্তৃপক্ষ ৷ প্ৰসূতি ৰোগীক ছিজাৰিয়ানৰ নামত অভিভাৱকৰ হাতত গুজিলে 58,324 টকাৰ এখন বিল (Complaint of robbing patient )৷

Complaint of robbing patient against Critical Care Hospital in Goalpara
গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ৰোগীক লুণ্ঠনৰ অভিযোগ
author img

By

Published : Mar 3, 2023, 10:50 PM IST

গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ৰোগীক লুণ্ঠনৰ অভিযোগ

গোৱালপাৰা, 3 মাৰ্চ: গোৱালপাৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে (Critical Care Hospital Scam)। ছিজাৰিয়ানৰ নামত ধুবুৰী-ফকিৰগঞ্জৰ এগৰাকী প্ৰসূতি ৰোগীক অত্য়াধিক হাৰত বিল লৈ লুণ্ঠন কৰা অভিযোগ উত্থাপন হৈছে (Complaint of robbing patient ) ৷ প্ৰসূতিগৰাকী হ'ল ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ মামণি খাতুন(29)।

প্ৰসূতি ৰোগীগৰাকীৰ অভিভাৱকে সংবাদমাধ্যমত অভিযোগ কৰা অনুসৰি মঙলবাৰে গৰ্ভৱতী মামণি খাতুনক প্ৰসৱ কৰাবলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল (Complaint against Critical Care Hospital) ৷ কিন্তু প্ৰসূতিগৰাকীৰ স্বামীয়ে আদবাটতে এগৰাকী দালালৰ কবল পৰে । দালালটোৱে মহিলাগৰাকীৰ স্বামীক কম টকাতে ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰাই দিব বুলি কৈ গোৱালপাৰা চহৰত নতুনকৈ প্ৰতিষ্ঠা হোৱা ক্ৰিটিকেল কেয়াৰ হাস্পতালত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে ৷

সেইমতে প্ৰসৱ বেদনাত ছটফটাই থকা মামণি খাতুনক তাৎক্ষণিকভাৱে 1 মাৰ্চৰ সন্ধিয়া ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱায় চিকিৎসা প্ৰতিষ্ঠানখনে। চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰা প্ৰসূতিগৰাকীক শুকুৰবাৰে হাস্পতাল কৰ্তৃপক্ষই অব্যাহতি দিয়ে ৷

ইয়াৰ লগতে হাস্পতাল কৰ্তৃপক্ষই প্ৰসূতিগৰাকীৰ পৰিয়ালৰ হাতত গুজি দিয়ে 58,324 টকাৰ এখন বিল। এই বিল দেখি হতচকিত পৰে প্ৰসূতিগৰাকীৰ পৰিয়াল ৷ অত্যধিক হাৰৰ বিল দেখি প্ৰসূতিগৰাকীৰ পৰিয়ালে ইমান বিল কেনেকৈ হ’ল বুলি হাস্পতাল কৰ্তৃপক্ষক সোধাত 'আমি বিল নবনাও, গুৱাহাটীৰ পৰা মেনেজাৰে বিল প্ৰস্তুত কৰে' বুলি কৰ্তৃপক্ষই দায়িত্বহীনভাৱে উত্তৰ দিয়ে ৷

অৱশেষত উপায়হীন হৈ প্ৰসূতিগৰাকীৰ পৰিয়ালে দহ শতাংশ হাৰত সুদত ধন লৈ হাস্পতালত কৰ্তৃপক্ষক বিল পৰিশোধ কৰে । বিলখন পৰ্যবেক্ষণ কৰি জানিব পৰা মতে, হাস্পতাল কৰ্তৃপক্ষই অকল ছিজাৰিয়ান কৰা চিকিৎসকৰ 'কনছ্যুলেচন' মূল্য পৰিশোধৰ বাবদ 23 হাজাৰ টকা লিখিছে ৷

ইয়াৰোপৰি সুস্থ শৰীৰে জন্মলাভ কৰা নৱজাতকটোক কোনো চিকিৎসা নকৰাকৈয়ে নৱজাতকৰ নামত 8500 টকা অনাহকত পৰিশোধ কৰিছে বুলি বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷ এই 8500 টকাৰ ভিতৰত চিকিৎসকৰ 'কনছ্যুলেচন' মূল্য ধাৰ্য কৰিছে 4 হাজাৰ টকা। বিল অনুসৰি প্ৰসৱৰ নামত 40,950 টকা,নৱজাতকৰ নামত 8500 টকা আৰু ঔষধৰ নামত 8875 টকাৰ সৈতে মুঠ 58,324 টকা।

ইয়াৰ লগতেঅভিভাৱকৰ অভিযোগ মতে, চহৰৰ অন্য বেচৰকাৰী হাস্পতালৰ তুলনাত ক্ৰিটিকেল কেয়াৰৰ চিকিৎসকৰ কনছ্যুলেচন মূল্য আৰু অন্য বিল অত্যধিক আৰু অস্বাভাৱিক। অভিভাৱকৰ অভিযোগৰ পিচতে একাংশ সাংবাদিকে চিকিৎসকৰ অত্যধিক কনছ্যুলেচন মূল্য সন্দৰ্ভত কৰ্তৃপক্ষক জবাবদিহি কৰাত প্ৰসূতিগৰাকীৰ ছিজাৰিয়াণৰ লগতে আন এটি অপাৰেচন কৰা বুলি জনায়। কিন্তু বিলত সেই কথা উল্লেখ নাই।

সেইদৰে সুস্থ শৰীৰে থকা নৱজাতকৰ অনাহকত বিল সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত হাস্পতাল কৰ্তৃপক্ষই নিৰুত্তৰ হৈ পৰা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বে অত্যধিক হাৰৰ বিলক লৈ চিকিৎসালয়ত হুলস্থুল হোৱাত কৰ্তৃপক্ষই অভিভাৱকক 5 হেজাৰ টকা ওভোতাই দিব বিচাৰে।

প্ৰসূতিৰ পৰিয়ালে সাংবাদিকক কয় মই পৰিশোধ কৰা ধন দুনাই ওভতাই নলও। মোৰ দৰে বিপদত পৰা দুখীয়ালোকক যাতে হাস্পতাল কৰ্তৃপক্ষই এনেদৰে বিপদত নেপেলায় তাৰ বাবে মই আহ্বান কৰিছোঁ। প্ৰয়োজন সাপেক্ষে মই আইনৰো কাষ চাপিম বুলি অভিভাৱকগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে, চিকিৎসালয়খন প্ৰতিষ্ঠা হ’বৰে পৰা এইধৰণৰ অত্যধিক হাৰ ধন লোৱাৰ অভিযোগ বিভিন্ন ৰোগীৰ অভিভাৱকে উত্থাপিত কৰি অহা পৰিলক্ষিত হৈছে।

একাংশ‌ সচেতন লোকে অভিযোগ কৰা মতে ক্ৰিটিকেল কেয়াৰকে ধৰি কাঠফুলাৰ দৰে চহৰখনত প্ৰতিষ্ঠা হোৱা একাংশ নাৰ্ছিংহোমে এম্বুলেন্স, ই-ৰিক্সা, টেম্প’ৰ চালককে ধৰি বিভিন্ন দালাল নিয়োগ কৰিছে ৷ ইয়াৰ বাবে সংশ্লিষ্ট চিকিৎসা প্ৰতিষ্ঠানবোৰে দালালবোৰক দিয়ে মোটা অংকৰ কমিছন। কমিছনৰ লোভত কম টকাত ভাল চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ আভুৱা ভাৰি ৰোগী আৰু ৰোগীৰ অভিভাৱকসকলক চৰকাৰী চিকিৎসালয়ৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপথে পৰিচালিত কৰে।

ফলত দালালৰ কবলত পৰি ৰোগীৰ অভিভাৱসকলে বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত ৰোগীক ভৰ্তি কৰি সঘনাই বিপাঙত পৰি আহিছে। চিকিৎসা বিলৰ ক্ষেত্ৰত লেকামহীন হৈ পৰা গোৱালপাৰা চহৰৰ বেচৰকাৰী খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানবোৰক চৰকাৰ, প্ৰশাসনে লেকাম লগোৱাৰ‌ অতি প্ৰয়োজন বুলি সচেতন মহলে দাবী জনায়।

লগতে পঢ়ক: Baksha Murder case: পত্নী আৰু খুলশালীয়েকে হত্যা কৰি কবৰস্থ কৰিলে লালচানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.