গোৱালপাৰা, 10 জুলাই: পদ্মশ্ৰী বিৰুবালা ৰাভাৰ খবৰ লবলৈ তেওঁৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কিছুদিনৰ পৰা কৰ্কট ৰোগত আক্রান্ত হৈ আছে ৰাভা । পদ্মশ্ৰী বিৰুবালা ৰাভাৰ অসুস্থতাৰ খবৰ ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পদ্মশ্ৰী বিৰুবালা ৰাভাৰ শাৰীৰিক অসুস্থতাৰ বুজ লৈ নগদ এক লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে চিকিৎসাৰ সমষ্ট খৰচ চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আগিয়াৰ সেনাবাহিনীৰ হেলিপেডত হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাচত বাহনেৰে এঘাৰ বজাত উপস্থিত হয় পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঠাকুৰবিল্লা গাঁৱৰ বাসভৱনত । আধাঘণ্টা সময় পদ্মশ্ৰী বিৰুবালা ৰাভাৰ শাৰীৰিক অসুস্থতাৰ খবৰ লোৱাৰ পাচতে এক সংবাদ মেলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাচতে গুৱাহাটী অভিমুখে যাত্ৰা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি অন্ধবিশ্বাসৰ বলি হোৱা লোকক নতুন জীৱন দি পদ্মশ্ৰী লাভ কৰে বিৰুবালা ৰাভাই ৷
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সদায় যুঁজ দি অহা সমাজকৰ্মী বিৰুবালা ৰাভাই সুস্থ অৱস্থাত নিজৰ অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে ৰাভাই নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে মিছন বিৰুবালাৰ জৰিয়তে ৷ বৰ্তমানে অসমৰ বিভিন্ন স্থানত মিছন বিৰুবালাই সচেতনতা বৃদ্ধি কৰিবলৈ কাম কৰি আছে ৷
সমাজ সংস্কাৰৰ উদ্দেশ্যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সাৱলীল কন্ঠৰে এক নতুন আদৰ্শৰ প্ৰতিষ্ঠা কৰা এইগৰাকী সাহসী মহিলাৰ অসুস্থতাত চিন্তিত হৈ পৰিছে সকলো ৷ গাঁৱে-ভূঞে ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিৰুবালা ৰাভাৰ সংগ্ৰামী যাত্ৰাই আমাৰ সমাজ জীৱনক সুন্দৰ কৰি তোলাৰ পথ প্ৰশস্ত কৰিছে । গোৱালপাৰা জিলাৰ বালিজানৰ ঠাকুৰবিলা নামৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ডাইনী হত্যাৰ বিৰুদ্ধে সৱল কণ্ঠ নিগৰাই আমাৰ সমাজ জীৱনক দিছে নতুন উদ্যম, নতুন প্ৰেৰণা । এই মহিলাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে প্ৰতিজনে ৷
লগতে পঢ়ক:অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম