ETV Bharat / state

44th Annual Palnam Festival: মদন মোহন সত্ৰৰ ৪৪ সংখ্যক বাৰ্ষিক পালনাম মহোৎসৱ উদযাপন

author img

By

Published : Jan 23, 2023, 8:49 PM IST

হৰি নামেৰে মুখৰিত গোৱালপাৰা বাপুপাৰাৰ ঐতিহাসিক মদন মোহন সত্ৰ । বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰিলে সমগ্ৰ আগিয়া অঞ্চলৰ । সত্ৰৰ মণিকূটৰ আন্তঃগাঁথনিৰ বাবে ৰাভা হাচং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ ৫ লাখ টকাৰ অনুদান ঘোষণা ।

Celebrated 44th Annual Palnam Festival of Bapupara Madan Mohan Satra in Goalpara
মদন মোহন সত্ৰৰ ৪৪ সংখ্যক বাৰ্ষিক পালনাম
মদন মোহন সত্ৰৰ ৪৪ সংখ্যক বাৰ্ষিক পালনাম

গোৱালপাৰা, 23 জানুৱাৰী: আজি হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে গোৱালপাৰা বাপুপাৰাৰ ঐতিহাসিক মদন মোহন সত্ৰ (Bapupara Madan Mohan Satra in Goalpara)। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ আগিয়া অঞ্চলত ৷ এই শোভাযাত্ৰা মুকলি কৰে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৷ শোভাযাত্ৰা মুকলি কৰি সত্ৰৰ মণিকূটৰ আন্তঃগাঁথনিৰ বাবে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে ।

গোৱালপাৰা জিলাৰ ঐতিহাসিক আগিয়া বাপুপাৰা মদন মোহন সত্ৰৰ ৪৪ সংখ্যক বাৰ্ষিক পালনাম মহোৎসৱ আয়োজন (Celebrated 44th Annual Palnam Festival) ৷ তিনিদিনীয়া কাৰ্যসূচীৰে ২৩, ২৪ আৰু ২৫ জানুৱাৰীত অনুষ্ঠিত হৈছে ৪৪ সংখ্যক বাৰ্ষিক পালনাম মহোৎসৱ ৷ পালনাম উপলক্ষে আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি এক বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ হৰি নামেৰে মুখৰিত হৈ পৰে বাপুপাৰা অঞ্চলৰ আকাশ বতাহ ৷

১১ বজাত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণত শংকৰ গুৰুৰ সৃষ্টি পালনামৰ মহত্ব বিৱৰি কোৱাৰ লগতে মদন মোহন সত্ৰৰ জৰাজীৰ্ণ মণিকূটৰ আন্তঃগাঁথনিৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে ।

লগতে পঢ়ক: Jaipur literary festival 2023: জয়পুৰ সাহিত্য উৎসৱত কাব্যঋষিক শ্ৰদ্ধাঞ্জলি অসমৰ গল্পকাৰৰ

ইয়াৰ পূৰ্বে পুৱা ৯-৩০ বজাত ৪৪ খন ধৰ্মধ্বজ উত্তোলন কৰাৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয় । আজি বিয়লি বিভিন্ন সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ পিছত কাইলৈ ব্ৰহ্মমূৰ্হুতত ভাগৱত সমাপন, পুৱাৰ প্ৰসংগৰ পিচতে আৰম্ভ কৰা হ’ব চব্বিশ যুগল অখণ্ড থিয় নাম । ২৫ জানুৱাৰীত অৰ্থাৎ পালনাম মহোৎসৱ অখণ্ড অন্তিম দিনা থিয় নামৰ সামৰণিত পুৱা ৯ বজাত ধৰ্ম সভা আৰু সন্ধিয়া ৬ বজাত স্থানীয় শিল্পীসকলে "কংশবধ" নাটখনৰ ভাওনা পৰিৱেশন কৰা হ’ব বুলি উল্লেখ কৰে পালনাম উদযাপন সমিতিয়ে ।

উল্লেখ্য যে, পালনামৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন । মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত নামঘোষা পালনামৰ প্ৰধান সম্পদ । পালনামত পূব, পশ্চিম আৰু উত্তৰ হাটীৰ ভকতসকলে পাল পাতি নাম গায় । নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি এই নাম গোৱা হয় ।

লগতে পঢ়ক: Commendable step by ex-prisoner: ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ সাধনা এগৰাকী প্ৰাক্তন কয়দীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.