গোৱালপাৰা,8 এপ্ৰিলঃ গোৱালপাৰা জিলাত সংঘটিত এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ ঘটনাতো সংঘটিত হৈছে জিলাখনৰ নগৰবেৰাৰ কল্যাণপুৰত । ঘটনাৰ বিৱৰণী অনুসৰি, গাঁৱখনৰ কাজিমুদ্দিন আৰু কাদেৰ আলী নামৰ ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক বিবাদ । বিভিন্ন কাৰণত বিবাদ সৃষ্টি হোৱা দুয়োটা পৰিয়ালৰ মাজত দেওবাৰে সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । মাৰপিটৰ ফলত আহত কাজিমুদ্দিনক সংকটজনক অৱস্থাত জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে ব্য়ক্তিগৰাকীৰ মৃত্যু হয় ।
ইফালে, কাজিমুদ্দিনৰ মৃতদেহটো ঘৰলৈ অনাত উত্তপ্ত হৈ পৰে পৰিস্থিতি । উত্তেজিত একাংশ লোকে কাদেৰ আলীৰ লগতে আন এটা পৰিয়ালৰ ঘৰত অগ্নিসংযোগ কৰাত দুয়োটা পৰিয়ালৰ ৫টা গৃহ ভষ্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় । স্থানীয় লোকে ঘটনা সম্পৰ্কে নগৰবেৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
লগতে চাওকঃ বিহাৰত উদ্ভাৱন ভাৰতৰ প্ৰথমখন 'Corona warriors' mobile van'