ETV Bharat / state

৩৭নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত বিজেপি কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 5, 2021, 10:55 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো চলিছে অগপ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। ৩৭নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিটো বিজেপিয়ে অগপক এৰি  দিয়াত ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ তৃণমূল কৰ্মীসকল ।

BJP workers protest in Goalpara East assembly constituency
৩৭নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত বিজেপি কৰ্মী প্ৰতিবাদ

গোৱালপাৰা, 5 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো চলিছে অগপ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। ৩৭নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ তৃণমূল কৰ্মীসকল ।

সমষ্টিটো অগপক এৰি দিয়াৰ পাচতে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি দলৰ কৰ্মীসকলে । সাংগঠনিক ভেঁটি মজবুত নোহোৱাকৈ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকী চৈধ্যশ ভোটত পৰাজিত হৈছিল । এইবেলি সাংগঠনিকভাৱে অতি শক্তিশালী হৈ উঠাৰ পাচতো সমষ্টিটো অগপক এৰি দিয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে কৰ্মীসকলে ৷ উল্লেখ্য যে, শুকুৰবাৰে বিজেপিৰ জিলা কাৰ্যালয়ৰ সন্মুখত টায়া জ্বলাই প্ৰতিবাদ কৰে কৰ্মীসকলে ।

লগতে পঢ়ক: ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা...

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.