গোৱালপাৰা, 18 জুন : নৃশংস হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথৰ গৃহত উপস্থিত বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা ৷ প্ৰয়াত বিজেপি নেত্ৰী জোনালী নাথৰ গোৱালপাৰা জিলাৰ মাটিয়াস্থিত গৃহত উপস্থিত হৈ স্বামী আৰু দুই কন্যাৰ সৈত মত-বিনিময় কৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই ৷ পৰিয়ালক সান্ত্বনা প্ৰদানৰ লগতে জোনালী নাথৰ জ্যেষ্ঠ কন্যাক নিজৰ ব্যক্তিগত ফোন নম্বৰ প্ৰদান কৰে বুলিও জানিবলৈ দিয়ে আঙুৰলতা ডেকাই ।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে জোনালী নাথ ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কৰ্মী আছিল বুলি দুখ প্ৰকাশ কৰে । মাটিয়া অঞ্চলটোৰ লগতে জিলাখনতে এগৰাকী নিষ্ঠৱান আৰু জনপ্ৰিয় কৰ্মী হিচাপে জোনালী নাথ জনাজাত আছিল বুলি কয় আঙুৰলতাই । বিজেপিৰ এগৰাকী নিষ্ঠৱান কৰ্মীক অতি নিৰ্মমভাৱে হত্যা কৰা ঘটনাত দুখ প্ৰকাশ কৰি দোষীৰ শাস্তি দাবী কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই ।
জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ লগত সাক্ষাৎ কৰি দোষীক শাস্তিৰ দাবীত এখন স্মাৰক পত্ৰও প্ৰদান কৰে আঙুৰলতা ডেকাই । বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে লগতে, জোনালী নাথৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি তৎপৰতাৰে গোটেই ঘটনাটো পৰ্যবেক্ষণ কৰি আছে বুলি উল্লেখ কৰে । গোৱালপাৰা জিলা প্ৰশাসনেও জোনালী নাথৰ মৃত্যুৰ ঘটনাক সঠিকভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ইতিমধ্যে জোনালী নাথৰ হত্যাকাৰী হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী শনিবাৰে আন এটা অভিযুক্ত আজিবৰ ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । ইফালে শনিবাৰে গোৱালপাৰা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় হাছানুৰক ৷ আদালতে হাছানুৰক পুনৰ 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : Modi surname case: মোদী উপাধি গোচৰত 4 জুলাইত ৰাঁচী আদালতত উপস্থিত থাকিব লাগিব ৰাহুল গান্ধী