ETV Bharat / state

গোৱালপাৰাত বিধ্বস্ত দলঙৰে বিপদ সংকুল যাত্ৰা - ঠাকুৰবিলা পথ

উন্নয়নত তিল মানো গুৰুত্ব নাই গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগৰ । সমষ্টি উন্নয়নত সদিচ্ছাৰ অভাৱ স্থানীয় জনপ্ৰতিনিধিৰ । ফলত ভঙা দলঙৰেই বিপদ সংকুৰ যাতায়াত কৰিব লগীয়া হৈছে অঞ্চলবাসীয়ে । ফলত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে দলং দুখন পকীকৰণ কৰিবলৈ আহ্বান জনাইছে জনপ্ৰতিনিধিৰ লগতে গড়কাপ্তানি বিভাগক ।

গোৱালপাৰাত বিধ্বস্ত দলঙৰে বিপদ সংকুল যাতায়াত
author img

By

Published : Jun 12, 2019, 9:12 PM IST

গোৱালপাৰা, ১২ জুনঃ গোৱালপাৰা মঘো ঠাকুৰবিলা পথত আজিও ভঙা কাঠৰ দলঙৰে বিপদ সংকুল যাতায়াত ৰাইজৰ । বছৰ-বছৰ ধৰি বিধ্বস্ত অৱস্থাত আছে দুখন কাঠৰ দলং ।

গোৱালপাৰাত বিধ্বস্ত দলঙৰে বিপদ সংকুল যাতায়াত
পশ্চিম গোৱালপাৰাৰ মালাধৰাৰে মঘো হৈ চহৰলৈ যোৱা পথ । পথটোত আছে দুখনকৈ বিধ্বস্ত কাঠৰ দলং। বাৰে বাৰে ৰাইজে স্থানীয় বিধায়ক আৰু গড়কাপ্তানী বিভাগক জনাই অহাৰ পিছতো আজি লৈকে ন'হল পকী দলং। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে নিজেই জখি খহি যোৱা কাঠৰ দলঙৰ ওপৰতেই বাহৰ বেৰ দি অব্যাহত ৰাখিছে যাতায়াত ।

উন্নয়নত তিল মানো গুৰুত্ব নাই গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগৰ লগতে জন প্ৰতিনিধিৰ । ফলত ক্ষুব্ধ হৈ পৰিছে সমগ্ৰ গোৱালপাৰাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে পৰিবৰ্তন কামী চৰকাৰ খনক উক্ত পথটোত থকা দলং দুখন পকীকৰণ কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে আন এটা বাতৰি- যোৰহাটত পুৱতি নিশা ভয়ানক দুৰ্ঘটনা

Intro:দুখনকৈ জহি খহি যোৱা কাঠৰ দলঙে জ্বলা কলা খুৱাইছে গোৱালপাৰা পশ্চিম আৰু পূৱ বিধান সভা সমষ্টিৰ অধীনস্থ মালাধৰা , মঘো ঠাকুৰবিলা অঞ্চলৰ ৰাইজক। দশকৰ পিছত দশক ধৰি বিধ্বস্ত অৱস্থাত পৰি ৰৈছে এই দুই দলঙ। আজিও নহল পকী দলং। এক ভয়ঙ্কৰ যাত্ৰা অঞ্চলবাসী ৰাইজৰ। Body:উন্নয়নত তিল মানো গুৰুত্ব নাই গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগৰ। সমষ্টি উন্নয়নত সদিচ্ছাৰ অভাৱ স্থানীয় জনপ্ৰতিনিধিৰ। ফলত এক ভয়ঙ্কৰ যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ।
পশ্চিম গোৱালপাৰাৰ মালাধৰাৰে মঘো হৈ পূৱ গোৱালপাৰা সমষ্টিৰ পুঠিমাৰিৰে ঠাকুৰবিলা হৈ সদৰ গোৱালপাৰা চহৰলৈ যোৱা পথ। পথটোত আছে দুখনকৈ বিধ্বস্ত কাঠৰ দলঙ।বাৰে বাৰে বিভাগক দাবী জনোৱাৰ পিছতো নাপালে এখন পকী দলং। ফলত স্থানীয় ৰাইজে নিজেই জখি খহি যোৱা কাঠৰ দলঙৰ ওপৰতেই বাহৰ বেৰ দি অব্যাহত ৰাখিছে যোগাযোগ। Conclusion:উল্লেখ যোগ্য যে সময়ে সময়ে বিভাগীয় ভাবে পথছোৱা নিৰিক্ষণ কৰি আহিছে যদিও আজি লৈ দলঙৰ উন্নয়ন নহল। আশা কৰি থাকোতেই বছৰৰ পিছত বছৰ বাগৰিল। কিন্তু পথৰ উন্নয়ন নহল। স্থানীয় ৰাইজে পৰিবৰ্তন কামী চৰকাৰ খনক পথটো উন্নয়নত গুৰুত্ব দিবলৈ দাবী উত্থাপন কৰিছে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.