গোৱালপাৰা,২১ মে': গোৱালপাৰাত কৃত্ৰিম বান(Artificial flood in Goalpara) । ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গল তিকোণীয়াপাৰাৰ বহু অঞ্চল । বিগত কিছুদিনৰ পৰা ৰাজ্যত মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ(Flood in Assam) । কিন্তু তাৰমাজতে কোনো কোনো অঞ্চল বুৰ গৈছে কৃত্ৰিম বানত । গোৱালপাৰাৰো বিভিন্ন প্ৰান্তত দেখা দিছে কৃত্ৰিম বানে ।
গোৱালপাৰা চহৰৰ লগতে জিলাখনৰ ফৰেষ্টগেট, তিকোণীয়াপাৰা আদি অঞ্চলতো হৈছে কৃত্ৰিম বান । ধাৰাসাৰ বৰষুণৰ ফলত তিকোণীয়াপাৰা অঞ্চলত ৰাস্তা-ঘাট ডুব যোৱাৰ লগতে ঘৰৰ ভিতৰতো একাঠু পানী । চৌদিশ হৈ পৰিছে জলমগ্ন । কাহানিও নেদেখা কৃত্ৰিম বানে এতিয়া বিপাঙত পেলাইছে তিকোণীয়াপাৰাবাসীক ।
জানিব পৰা মতে গোৱালপাৰা মৰনৈস্থিত তিকোণীয়া পাৰাত নতুনকৈ নিৰ্মাণ কৰি আছে গোলশন নামৰ ইথানল কোম্পানী । এই ইথানল কোম্পানীৰ ফলতেই তিকোণীয়াত সৃষ্টি হৈছে কৃত্ৰিম বানৰ । ইথানল কোম্পানী নিৰ্মাণৰ সময়ত পানী যোৱা নলা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলত এতিয়া সামান্য বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ ।
ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে তিকোণীয়া পাৰা অঞ্চলৰ বাসিন্দাই । বাৰম্বাৰ কোম্পানীৰ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতো সমস্যা সমাধান নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ । অনাগত দিনত ইথানল কোম্পানীৰ কৰ্তৃপক্ষই যদি সমস্যা সমাধান নকৰে তেন্তে ইথানল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰ ভাবুকি দিয়ে ভুক্তভোগী ৰাইজে ।