ETV Bharat / state

ৰংজুলিত বাছৰ চেপাত থিতাতে নিহত কণ্ডাক্টৰ

author img

By

Published : Apr 20, 2021, 4:09 PM IST

গোৱালপাৰা জিলাৰ ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনা ৷ যাত্ৰীবাহী বাছৰ চেপাত থিতাতে নিহত কণ্ডাক্টৰ ৷ হঠাৎ বাছখনৰ পৰা তলত সৰি পৰাত ৰহিমুদ্দিন শ্বেখ নামৰ কণ্ডাক্টৰজনৰ ওপৰেদি পাৰ হৈ যায় বাছখন ৷

accident-in-goalpara-one-dead
ৰংজুলিত বাছৰ চেপাত থিতাতে নিহত বাছৰ কণ্ডাক্টৰ

গোৱালপাৰা,20 এপ্ৰিল: গোৱালপাৰা জিলাৰ ৰংজুলিত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন যাত্ৰীবাহী বাছৰ চেপাত থিতাতে নিহত হয় বাছখনৰ কণ্ডাক্টৰ ৷ গোৱালপাৰাৰ শিমলীতোলাৰ পৰা নগাঁৱলৈ গৈ থকা ভূঞা নামৰ এছ ২১ চি ৯২২২ নম্বৰৰ বাছখনৰ কণ্ডাক্টৰ গৰাকীয়ে ৰংজুলি তিনিআলিত সামগ্ৰী উঠাই নগাঁৱৰ দিশে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ হঠাৎ বাছখনৰ পৰা তলত সৰি পৰাত কণ্ডাক্টৰজনৰ ওপৰেদি পাৰ হৈ যায় বাছখন ৷

উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় ৰহিমুদ্দিন শ্বেখ নামৰ কণ্ডাক্টৰজন ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে বাছখনৰ চালকে ৰংজুলি থানাৰ বাহিৰত বাছখন এৰি পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত ৰংজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে ৷

লগতে পঢ়ক: ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.