গোৱালপাৰা, 8 মাৰ্চঃ কৃষ্ণাইত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত ২ জন ৷ তীব্ৰবেগী বাইক গৈ দেৱাল ভাঙি সোমায় এখন দোকানত । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল দুই বাইক আৰোহী । বাইকেৰে গৈ থকা সময়তে কৃষ্ণাইৰ মোলানডুবিৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এখন দোকানত তীব্ৰ বেগত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত বাইক আৰোহী দুজন ৷
বাইকখনৰ গতিবেগ ইমানে তীব্ৰ আছিল যে, দোকানৰ বেৰ ভাঙি ভিতৰত সোমাই যায় বাইক সহ আৰোহী দুজন ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিহত লোক দুজনৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে নিহত লোক দুজন ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ছফিকুল ইছলাম আৰু ছফিউৰ ৰহমান বুলি চিনাক্ত কৰিছে ৷ আনহাতে, দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ As-01 BN- 3255 বুলি জানিব পৰা গৈছে ৷
আৰু পঢ়কঃ বিজেপি চৰকাৰ অপপ্ৰচাৰ আৰু পাব্লিচিটিতহে জীয়াই আছেঃ তৰুণ গগৈ