ETV Bharat / state

Cattle smuggling in Goalpara: গোৱালপাৰাত ৪ চুৰি গৰুসহ ৩ গৰু বেপাৰীক আটক

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:53 PM IST

গোৱালপাৰাত গৰু চোৰৰ সন্ত্ৰাস । গৰু চোৰৰ বিৰুদ্ধে গোৱালপাৰাৰ ৰামহৰি চৰত নিশা গাঁওৰক্ষী বাহিনীৰ‌ অভিযান । ৪ চুৰি গৰুসহ ৩ গৰু বেপাৰীক আটক কৰি চমজাই দিলে খৰমুজা আৰক্ষীক ।

3 cattle traders arrested with 4 stolen cows in Goalpara
গোৱালপাৰাত ৪ চুৰি গৰুসহ ৩ গৰু বেপাৰীক আটক

গোৱালপাৰা,১২ নৱেম্বৰ: গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু চোৰৰ উপদ্ৰৱ । জিলাখনৰ ৰামহৰি চৰকে ধৰি নিকটৱৰ্তী চৰাঞ্চলত গৰু চোৰৰ উপদ্ৰৱে ৰাইজক দীৰ্ঘদিন‌ ধৰি অতিষ্ঠ কৰি আহিছে । এনে সময়তে দেওবাৰে পুৱতি নিশা তিনিমান বজাত ৰামহৰি চৰৰ গাঁওৰক্ষী বাহিনীয়ে গৰু চোৰৰ বিৰুদ্ধে এক অভিযান চলায় । উক্ত অভিযানত চাৰিটা সন্দেহযুক্ত চুৰি গৰুসহ তিনিটাকৈ গৰু বেপাৰীক আটক কৰে ।

আটকাধীন গৰু চোৰ কেইটাক গাঁওৰক্ষী বাহিনীয়ে পুৱাৰ ভাগত খৰমুজা আৰক্ষীক চমজাই দিয়ে । ৰামহৰি চৰৰ অভিযুক্ত আটকাধীন গৰু বেপাৰী কেইটা হ'ল ক্ৰমে আছুৰুদ্দিন, মইনুদ্দিন আৰু আছাদ আলী । গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইছুৱ আলী আৰু সদস্য মকবুল হুছেইনে জানিবলৈ দিয়া অনুসৰি তিনিজনীয়া গৰু বেপাৰীৰ দল এটাই দেওবৰীয়া ডকাইদলৰ গৰু বজাৰলৈ বিক্ৰীৰ উদ্দেশ্য নিশা গোপনে চুৰি গৰু সৰবৰাহ কৰাৰ এক গোপন খবৰ শনিবাৰে সন্ধিয়াই লাভ কৰিছিল ।

খবৰৰ ভিত্তিত পুৱতি নিশা তিনিমান বজাত গাঁওৰক্ষী বাহিনীয়ে গাঁৱত তহল দি আছিল । এনে সময়তে স্থানীয় তিনিজনীয়া গৰু বেপাৰীৰ দল এটাই নিশাৰ এন্ধাৰত চাৰিটা গৰু পথেৰে সৰবৰাহ কৰা প্ৰত্যক্ষ কৰে তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে । তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে ততালিকে স্থানীয় গৰু বেপাৰী কেইটাক আগভেটি ধৰি সোধাপোচা কৰে ।

গৰু চাৰিটা চুৰি গৰু বুলি সন্দেহ হোৱাত গাঁওৰক্ষী বাহিনীয়ে গৰুসহ বেপাৰী তিনিটাক আটক কৰে । দেওবাৰে পুৱা গাঁওৰক্ষী বাহিনীয়ে খৰমুজা আৰক্ষী চকীত গৰু চাৰিটাৰ সৈতে তিনি অভিযুক্ত গৰু বেপাৰীক চমজাই দিয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবপৰা গৈছে ।

লগতে পঢ়ক: Drugs Peddler Arrested: ড্ৰাগছ মাফিয়াই নাকত ধৰি চাকত ঘূৰালে স্মাৰ্ট আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.