ETV Bharat / state

World Tourism Day: ডিমা হাছাওত বিশ্ব পৰ্যটন দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:21 PM IST

Updated : Sep 27, 2023, 9:30 PM IST

অসমৰ অন্যতম মনোমোহা পাহাৰীয়া জিলা হৈছে ডিমা হাছাও আৰু এই পাহাৰীয়া জিলাখন এতিয়া হৈ পৰিছে ৰাজ্যৰ এক অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী । ডিমা হাছাও জিলাৰ মনোমোহা দৃশ্যই দেশ বিদেশৰ পৰ্যটক সকলক সদায় আকৰ্ষিত কৰি আহিছে । ডিমা হাছাওত বুধবাৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস ।

World Tourism Day celebrated in Dimahasao
ডিমা হাছাওত বিশ্ব পৰ্যটন দিৱস উদযাপন
ডিমা হাছাওত বিশ্ব পৰ্যটন দিৱস উদযাপন

হাফলং,২৭ ছেপ্টেম্বৰ: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে । অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী ডিমা হাছাওত বুধবাৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস । বিশ্ব পৰ্যটন দিৱস উপলক্ষে হাফলং পুথি ভঁৰাল প্ৰেক্ষাগৃহত জিলা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা পৰ্যটন বিভাগৰ দায়িত্বত থকা পৰিষদৰ সদস্য মনজিত নাইডিঙকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

অনুষ্ঠানটিত উপস্থিত থাকি মনজিত নাইডিঙে সাংবাদিকৰ আগতে কয় অসমৰ এক অন্যতম পৰ্যটনস্থলী ডিমা হাছাও জিলাৰ প্ৰাকৃতিক পৰিৱেশৰ অতি মনোমোহা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰি তোলে । ডিমা হাছাও জিলাৰ পৰ্যটন শিল্পক উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে কেৱল অসমতেই নহয় ভাৰতৰ ভিতৰতে ডিমা হাছাও জিলাক এক অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত জিলাৰ বাট-পথসমূহ উন্নত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে । পৰ্যটনস্থলীৰ আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । মনজিত নাইডিঙে কয় আগতে লংকাৰ পৰা উমৰাংচুলৈ অহা-যোৱাৰ ক্ষেত্ৰত তিনি ঘণ্টা সময়ৰ প্ৰয়োজন আছিল । কিন্তু এতিয়া লংকাৰ পৰা উমৰাংচুলৈ আহিবৰ বাবে মাত্ৰ ৪৫ মিনিট সময় লাগে ।

লংকাৰ পৰা উমৰাংচুলৈ অহাৰ সময়ত প্ৰথমতে পানীমুৰ ইয়াৰ পিচতে উমৰাংচু আৰু উমৰাংচুলৈ অহাৰ পিচতে মেঘালয় আৰু হাফলং পৰিভ্ৰমণ কৰাতো একেবাৰে সহজ হৈ পৰিছে । তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে জাতিংগা মহোৎসৱৰ বাবে সাজু হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ । লগতে নৱেম্বৰত অনুষ্ঠিত হ'ব ইতিমধ্যে দেশ-বিদেশৰ পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়তা লাভ কৰা ফেলকণ মহোৎসৱ ।

মনজিত নাইডিংয়ে প্ৰকাশ কৰে যে পৰিভ্ৰমী ফেলকণ পক্ষী উমৰাংচুলৈ অহা আৰম্ভ হৈছে ।

ইপিনে আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত পৰ্যটন বিভাগৰ এক ৱেব চাইটৰ মুকুলি কৰে অনুষ্ঠানৰ মুখ্য অতিথি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য চেমুয়েল চাংচনে । এই বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সদস্য লিটন চক্ৰৱৰ্তী, ঈশ্বৰী প্ৰসাদ জৈশী, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, দেৱানন দাওলাগাপু আৰু জিলা পৰ্যটন বিভাগৰ উপদেষ্টা জেড নুনিচা ।

লগতে পঢ়ক: Protest at Sarthebari:সৰ্থেবাৰীত ব্যৱসায়িক সন্থাৰ প্ৰতিবাদী সমদল

Last Updated : Sep 27, 2023, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.