ETV Bharat / state

হাফলং প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author img

By

Published : Jun 6, 2021, 9:46 AM IST

শনিবাৰে হাফলং প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় । হাফলঙৰ পৰা 15 কিল’মিটাৰ নিলগত অৱস্থিত চনটিলা জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰেছ ক্লাবৰ সদস্যসকলে গছৰ পুলি বিতৰণ কৰে ৷

world environment day celebration
হাফলং প্ৰেছ ক্লাৱৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন

ডিমা হাছাও,6 জুন: বিশ্ব পৰিৱেশ দিৱস(world environment day) উপলক্ষে শনিবাৰে হাফলং প্ৰেছ ক্লাব(Haflong Press Club)ৰ সদস্যসকল চনটিলা জৱাহৰ নৱোদয় বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ গছপুলি বিতৰণ কৰাৰ লগতে ৰোপণ কৰে ৷ এই কাৰ্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষ ৰামবতাৰ বুদৰাও, হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ কুমাৰ বিশ্বাস, সাংবাদিক পংকজ কুমাৰ দেৱ, স্বদেৱ হাসমচাৰ লগতে অন্যান্য সাংবাদিকসকল উপস্থিত থাকে ।

হাফলং প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ ৰামবতাৰ বুদৰাও-এ সাংবাদিকৰ আগত কয় যে, তিনি-চাৰি বছৰ ধৰি জিলাখনৰ সাংবাদিকসকলে নৱোদয় বিদ্যালয়ক সেউজ বিদ্যালয় কৰাৰ বাবে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈ আহিছে । ইয়াৰ লগতে অধ্যক্ষগৰাকীয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাওৰ প্ৰধান সমস্যা জুম খেতি বুলি উল্লেখ কৰে ৷

জুম খেতিৰ বাবে গছ কাটি বা জংঘলত জুই লগাই বনাঞ্চল ধ্বংস কৰাৰ ফলত পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে । পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰি অসমৰ এই পাহাৰীয়া জিলাখনত গছ কটা আৰু বনাঞ্চল ধ্বংস ৰোধ কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকা উল্লেখনীয় হ’ব বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক : ৰঙিয়াত বিশ্ব পৰিৱেশ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.