ডিমা হাছাও,12 নৱেম্বৰ : এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দ্বাৰা দীৰ্ঘদিনৰ পৰা চলি আছে উমৰাংচুৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয়টো । গড়কাপ্তানি বিভাগৰ কাৰ্যালয়টোৰ চাৰি গৰাকী কৰ্মচাৰী বহু মাহ ধৰি কাৰ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপন কৰিছে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীয়ে ।
উল্লেখ্য যে,উমৰাংচু গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত মুঠ কর্মচাৰীৰ সংখ্যা হৈছে 6 গৰাকী । ইয়াৰ মাজৰ কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী বৰ্তমানত হাফলং নিৰ্বাচন কাৰ্যালয়ত ডেপুটেশ্যনৰ কামত আছে । বাকী 4 গৰাকী কৰ্মচাৰী মাহৰ পৰা মাহ ধৰি কাৰ্যালয়ত অনুপস্থিত থাকে, যাৰ বাবে কাৰ্যালয়টো চলাবলগীয়া হৈছে এইগৰাকী কৰ্মচাৰীয়ে ।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীয়ে সংবাদ মাধ্যমযোগে কয় যে,তেওঁ নিজেই কাৰ্যালয়টো চলাবলগীয়া হৈছে ৷ কাৰণ কাৰ্যালয়টোৰ বৰবাবু হাফলং নিৰ্বাচন কাৰ্যালয়ত ডেপুটেশ্যনত আছে আৰু বাকী 4 গৰাকী কৰ্মী কাৰ্যালয়ত উপস্থিত নাথাকে । মাহৰ মূৰত এবাৰেই উপস্থিত হৈ সম্পূৰ্ণ মাহটোৰ উপস্থিতিৰ স্বাক্ষৰ কৰে ।
ইফালে দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ সকলো কাম-কাজ বন্ধ হৈ আছে । কিন্তু ইয়াৰ পাচতো গড়কাপ্তানি বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে উপস্থিত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীয়ে ৷
লগতে পঢ়ক : হঠাৎ কামপুৰত কিয় উপস্থিত হ’ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম !