ETV Bharat / state

28 আগষ্টৰ পৰা অসমত চলিব ভিষ্টাডম ৰে'ল - north eastern railway

ৰে'ল যাত্ৰাৰ সময়ত বাহিৰৰ সৌন্দৰ্য উপভোগ কৰাৰ আমেজেই সুকীয়া । আপোনাৰো বাৰু পাহাৰৰ নান্দনিক দৃশ্য চোৱাৰ হেঁপাহ আছে নেকি ? অচিৰেই পৰ্যটকে ৰে'ল যাত্ৰাৰ সময়তে উপভোগ কৰিব পাৰিব অসমৰ পাহাৰীয়া জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য । ভিষ্টাডম ৰে'লে অধিক আনন্দময় কৰি তুলিব ৰে'ল যাত্ৰা ।

Vistadome railway coches to launch in Assam On 28th August
২৮ আগষ্টত গুৱাহাটী হাফলঙৰ মাজত আৰম্ভ হ'ব ভিষ্টাডম ৰে'ল সেৱা
author img

By

Published : Aug 24, 2021, 2:17 PM IST

Updated : Aug 25, 2021, 9:35 AM IST

ডিমা হাছাও, ২৪ আগষ্ট : পৰ্যটকক অধিক আকৰ্ষিত কৰাৰ বাবে অসমত আৰম্ভ কৰা হ'ব ভিষ্টাডম ৰে'ল সেৱা । ২৮ আগষ্টত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰে গুৱাহাটী আৰু হাফলঙৰ মাজত এই ভিষ্টাডম ৰে'ল সেৱা উদ্বোধন কৰিব । প্ৰথমতে এই বিশেষ ৰে'লখন গুৱাহাটীৰ পৰা পাহাৰীয়া জিলা ডিমা হাছাওলৈ চলিব ।

প্ৰতি বছৰে পাহাৰৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰাৰ বাবে ডিমা হাছাও জিলালৈ পৰ্যটকৰ আগমন ঘটে । বৰ্তমান ক'ভিড পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ অহা বাবে ডিমা হাছাও জিলাত পৰ্যটকৰ পুনৰ আগমণ ঘটিছে । সেয়েহে, পৰ্যটকৰ সুবিধাৰ্থে ৰে'ল বিভাগে ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ কৰাৰ বাবে যো-জা চলাইছে । এই বিশেষ ৰে'লত পৰ্যটকৰ বাবে কেতবোৰ সুবিধা উপলব্ধ কৰা হৈছে ।

Vistadome railway coches to launch in Assam On 28th August
২৮ আগষ্টত গুৱাহাটী হাফলঙৰ মাজত আৰম্ভ হ'ব ভিষ্টাডম ৰে'ল সেৱা

যাত্ৰীয়ে ৰে'লৰ আসনবোৰ ১৮০ ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছা মতে বহিব পাৰিব । খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ বাবে ডিমা হাছাও জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য্য সুন্দৰকৈ উপভোগ কৰিব পাৰিব পৰ্যটকসকলে ।

এই ৰে'লখনৰ ওপৰৰ অংশতো গ্লাছ ব্যৱহাৰ কৰা থাকে, যাৰ বাবে ৰে'লৰ ভিতৰৰ পৰাই আকাশখন দেখা পোৱা যাব ।

লগতে ৰে'লৰ প্ৰতিটো দবাত থাকিব চি চি টিভি কেমেৰা, এল ই ডি স্ক্ৰীণ, এয়াৰ কণ্ডিশ্যনৰ সুবিধা । মুঠতে পৰ্যটতকে যাত্ৰা কালৰ আনন্দ ল'ব পাৰিব । গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ চলিবলগীয়া ভিষ্টাডম ৰে'লত ৭টা দবা থাকিব । সপ্তাহত দুদিন চলিব এই ভিষ্টাডম ৰে'ল । প্ৰতি বুধবাৰ আৰু শনিবাৰে পৰ্যটকৰ বাবে এই বিশেষ ৰে'লখন গুৱাহাটীৰ আৰু হাফলঙৰ মাজত চলাচল কৰিব ।

গুৱাহাটীৰ পৰা ৰাতিপুৱা ৬.৩৫ বজাত ৰে'লখনে যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১১.৫৫ বজাত নিউ হাফলং ষ্টেচনত পাবগৈ । নিউ হাফলং ষ্টেচনৰ পৰা আকৌ বিয়লি ৫ বজাত ৰে'লখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিব আৰু গৈ নিশা ১০.৪৫ বজাত গুৱাহাটী পাব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

উল্লেখ্য যে, ২৮ আগষ্টত প্ৰথমে নিউ হাফলঙলৈ যাত্ৰা কৰিব ভিষ্টাডম ৰে'ল । ইতিমধ্যে এই বিশেষ ৰে'ল সেৱা আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

লগতে পঢ়ক:সামৰণি পৰিল তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ

Last Updated : Aug 25, 2021, 9:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.