ডিমা হাছাও,11 অক্টোবৰ : ডিমা হাছাও জিলাত গাহৰি মাংস খাই অসুস্থ হৈ পৰিছে 25 গৰাকীকৈ লোক । পাহাৰীয়া জিলাখনৰ শিল্প নগৰী হিচাপে পৰিচিত উমৰাংচুৰ এখন কাৰ্বি গাঁৱত সংঘটিত হৈছে এই অঘটন ৷
ঘটনা অনুসৰি,উমৰাংচুৰ বৰলিংফৰ গাঁৱৰ এজন লোকে বিক্ৰী কৰা গাহৰি মাংস গাঁওবাসীয়ে খোৱাৰ পাচতে শনিবাৰে দিনৰ 12 বজাৰ পৰা গাঁওখনৰ 25 গৰাকী লোকৰ বমি আৰু ডায়েৰিয়া হোৱা বুলি জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই জানিবলৈ দিয়ে ।
উল্লেখ্য় যে,অসুস্থ হোৱা লোকসকলৰ মাজত কণ কণ ল’ৰা-ছোৱালীও আছে । অৱশেষত শনিবাৰে সন্ধিয়া অসুস্থ লোকসকলক উমৰাংচু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । গাঁওখনৰ এগৰাকী ৰোগীয়ে জনোৱা মতে,বৰলিংফৰ গাঁৱৰ এজন ব্যক্তিয়ে এটা বেমাৰী গাহৰি মাংস মাৰি বিক্ৰী কৰিছিল আৰু এই মাংস খোৱাৰ পাচতে তেওঁলোক অসুস্থ হৈ পৰে ৷
লগতে পঢ়ক: গাঁঠিৰ ধন ভাঙি পথ মেৰামতি ৰাইজৰ