ETV Bharat / state

হাফলঙত নাৰী সৰবৰাহকাৰীৰ হাতৰ পৰা কথমপি ৰক্ষা পৰিল দুই কিশোৰী

author img

By

Published : Dec 16, 2021, 9:13 PM IST

ডিমা হাছাওত নাৰী সৰবৰাহকাৰীৰ ভয়ংকৰ জাল । পৰিয়ালৰ লোকক হত্যা কৰাৰ ভাবুকি দি সোণৰ গহণাসহ কিশোৰী সৰবৰাহৰ চেষ্টা । এজন অটো চালকৰ তৎপৰতাত নাৰী সৰবৰাহকাৰীৰ হাতৰ পৰা কথমপি ৰক্ষা পৰে কিশোৰী দুগৰাকী(Women trafficking in Dima Hasao) ।

Two minors escapes from women trafficking racket
ডিমা হাছাওত নাৰী সৰবৰাহকাৰীৰ হাতৰ পৰা কথমপি ৰক্ষা পৰিল দুই কিশোৰী

ডিমা হাছাও, ১৬ ডিচেম্বৰ: বিভিন্ন ভাবুকি দি কিশোৰী সৰবৰাহৰ কু-পৰিকল্পনা কৰিছে নাৰী সৰবৰাহকাৰী চক্ৰই । এই ডিমা হাছাও জিলাত এনে এক ঘটনা পোহৰলৈ আহিছে(Minors escapes from trafficking racket in Dima Hasao) । নাৰী সৰবৰাহকাৰীৰ জালৰ পৰা কথমপি ৰক্ষা পৰে জিলাখনৰ দুগৰাকী কিশোৰী(Silchar girls escapes from trafficking racket) । জানিব পৰা মতে, অটো চালক তথা হাফলং অটোৰিক্সা ৱেলফেয়াৰ এছ'চিয়েছনৰ সভাপতি ডেভিদ যৌথে নিউ হাফলং ৰে'ল ষ্টেচনত কিশোৰী দুগৰাকীক তেওঁৰ অটোখনেৰেই হাফলং চহৰলৈ লৈ আনে ।

ইয়াৰ পাচতে কিশোৰী দুগৰাকীয়ে তেওঁলোকক হাফলঙৰ কোনোবা এখন হোটেলত থৈ আহিবলৈ ডেভিদ যৌথক কয় । ডেভিডে তেওঁলোকক হোটেলত থ'বলৈ যায় যদিও উপযুক্ত পৰিচয় পত্ৰ নথকাৰ বাবে কোনো হোটেলতে তেওঁলোকে থাকিব নোৱাৰিলে । কিন্তু দুই গৰাকী ছাত্ৰীৰ কথা-বাৰ্তা শুনি অটো চালক ডেভিদ যৌথৰ সন্দেহ ওপজে আৰু তেওঁ দুয়োকে নিজৰ ঘৰলৈ লৈ যায় । কিশোৰী দুগৰাকীয়ে জনোৱা মতে, তেওঁলোকৰ ওচৰত ২৫ হাজাৰ টকা আছে ।

ইয়াৰ পাচত ডেভিদৰ মনত সন্দেহ বাঢ়ে । কিশোৰী দুগৰাকীৰ লগত থকা এখন ডায়েৰীত এটা মোবাইল নম্বৰ পাই তেওঁ যোগাযোগ কৰে । উক্ত নম্বৰটো আছিল কাছাৰ আৰক্ষীৰ এগৰাকী বিষয়াৰ ।

ডেভিদ যৌথে এই বিষয়ে আৰক্ষী বিষয়াগৰাকীক অৱগত কৰে । ইয়াৰ পাচত আৰক্ষীয়ে জনায় যে, শিলচৰ ভগৎপুৰস্থিত ঘৰৰ পৰা এই দুগৰাকী কিশোৰী পলাই গৈছে । কাছাৰ আৰক্ষীয়ে লগে লগে হাফলং আৰক্ষীৰ লগত যোগাযোগ কৰে । পিচত ডেভিদ যৌথে কিশোৰী দুগৰাকীক হাফলং থানালৈ লৈ যায় ।

ইয়াৰ পিছতে শিলচৰৰ পৰা হাফলঙত উপস্থিত হয় কিশোৰী দুগৰাকীৰ অভিভাৱক । বৃহস্পতিবাৰে দুয়োকে হাফলং আৰক্ষীয়ে পৰিয়ালৰ হাতত চমজাই দিয়ে । ইফালে, কিশোৰী দুগৰাকীয়ে সাংবাদিকৰ আগতে কয় যে, কিছুদিন পূৰ্বে শিলচৰত এগৰাকী যুৱকৰ সৈতে তেওঁলোকৰ চিনাকী হৈছিল । যুৱকজনে তেওঁলোকৰ লগত যোগাযোগ কৰি আছিল ।

ইয়াৰ পাচতে এই যুৱকজনে কিশোৰী দুগৰাকীক ঘৰৰ পৰা নগদ ধন, সোণৰ গহণা লৈ হাফলঙলৈ আহিবলৈ কয় । প্ৰথম অৱস্থাত তেওঁলোকে এই বিষয়ে ইমান গুৰুত্ব দিয়া নাছিল । কিন্তু যুৱকজনে ফোনযোগে ভাবুকি দিয়ে যে, তেওঁলোকে নগদ ধন আৰু সোণৰ গহণা লৈ হাফলঙলৈ যদি নাহে, তেন্তে তেওঁলোকৰ পৰিয়ালৰ লোকক হত্যা কৰা হ'ব ।

শংকিত হৈ মঙলবাৰে শিলচৰ-গুৱাহাটী ৰে'লেৰে আহি কিশোৰী দুগৰাকী হাফলঙত উপস্থিত হয় । কিন্তু হাফলং আহি পোৱাৰ পিছত যুৱকজনৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব নোৱাৰিলে । অৱশেষত ডেভিদ যৌথক লগ পায় । অটোৰিক্সা চালকজনৰ তৎপৰতাতে কিশোৰী দুগৰাকী দুষ্ট চক্ৰৰ হাতৰ পৰা ৰক্ষা পৰে ।

লগতে পঢ়ক:Drugs seized in Kachua : নগাঁৱৰ কচুৱাত ড্ৰাগছসহ এজনক কৰায়ত্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.