ETV Bharat / technology

ভোডাফোন আইডিয়াৰ সৈতে পুনৰ মিত্ৰতা ন’কিয়াৰ - Vodafone Idea deals with Nokia - VODAFONE IDEA DEALS WITH NOKIA

Vodafone Idea Nokia Deal: ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলক প্ৰতিহত কৰিবলৈ ন’কিয়াৰ সৈতে মিত্ৰতা কৰিছে ভোডাফোন আইডিয়াই ৷ তিনি বছৰৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে ন’কিয়াই ।

Etv Bharat
ভোডাফোন আইডিয়াৰ সৈতে পুনৰ মিত্ৰতা ন’কিয়াৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 12:24 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: ভোডাফোন আইডিয়া লিমিটেড (VIL)ৰ সৈতে তিনি বছৰৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে ন’কিয়াই । চুক্তি অনুসৰি ন’কিয়াই Viৰ বৰ্তমানৰ 4G নেটৱৰ্ক উন্নীত কৰাৰ লগতে 5G সঁজুলি যোগান ধৰিব । ই VIL ৰ 20 কোটিতকৈ অধিক ব্যৱহাৰকাৰীক উচ্চমানৰ সংযোগ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

শেহতীয়াকৈ Vi-এ ন’কিয়া, এৰিক্সন আৰু ছেমছাঙৰ সৈতে 30,000 কোটি টকা (3.6 বিলিয়ন মাৰ্কিন ডলাৰ)ৰ চুক্তি স্বাক্ষৰ কৰিছে । এই চুক্তিৰ অধীনত অহা তিনি বছৰত নেটৱৰ্কৰ সঁজুলি যোগান ধৰা হ’ব । ভিআইএলৰ 4G আৰু 5G নেটৱৰ্ক উন্নীতকৰণৰ ক্ষেত্ৰত ন’কিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

ন’কিয়াই ৰিফশ্বাৰ্ক চিষ্টেম-অন-চিপ প্ৰযুক্তিৰে নিজৰ 5G এয়াৰস্কেল পৰ্টফলিঅ’ চলায় । বেচ ষ্টেচন, বেছবেণ্ড ইউনিট আৰু শেহতীয়া হাব্ৰক মেছিভ এমআইএমঅ’ ৰেডিঅ’ সঁজুলি যোগান ধৰা হয় । ইয়াৰ উপৰিও ন’কিয়াই ভিআইএলৰ 4G নেটৱৰ্কক মাল্টিবেণ্ড ৰেডিঅ’ আৰু বেছবেণ্ড সঁজুলিৰে উন্নীত কৰিব । ইয়াৰ ফলত 5 G লৈ পৰিৱৰ্তন অধিক সহজ হ’ব ।

কোম্পানীটোৱে জনোৱা মতে, ন’কিয়াৰ নেটৱৰ্ক অপ্টিমাইজেচন আৰু অটোমেচন প্লেটফৰ্ম মান্টাৰে ছ’নৰ পৰাও ভিআইএল লাভৱান হ’ব । প্লেটফৰ্মে নে'টৱৰ্ক পৰিৱেশন আৰু দক্ষতা বৃদ্ধি কৰিবলৈ স্ব-বিন্যাসকাৰী মডিউলসমূহ ব্যৱহাৰ কৰে । ন’কিয়াই পৰিকল্পনা, নিয়োগ, সংহতি আৰু নেটৱৰ্ক অনুকূলন সেৱাও প্ৰদান কৰে । ভোডাফোন-আইডিয়াৰ সৈতে ন’কিয়াই অংশীদাৰিত্বত স্বাক্ষৰ কৰা এয়াই প্ৰথম নহয় । মন কৰিবলগীয়া যে ন’কিয়া আৰু ভিয়ে একেলগে 2G, 3G, 4G আৰু এতিয়া 5G নেটৱৰ্ক স্থাপন কৰিছে ।

লগতে পঢ়ক: VIয়েও বৃদ্ধি কৰিলে ৰিচাৰ্জ প্লেনৰ দাম : ২১ শতাংশ পৰ্যন্ত বৃদ্ধি সেৱা কৰ - VI hikes recharge plan

কৃত্ৰিম বুদ্ধিমত্তা সংযুক্ত Samsung Galaxy S24 FE মুকলি - Samsung Galaxy S24 FE launched

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.