ETV Bharat / bharat

তিৰুপতি লাডু বিতৰ্ক; আজি উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদনৰ শুনানি - Tirupati laddu controversy

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Tirupati Prasadam Row: ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে সোমবাৰে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । কেইবাখনো আবেদনত ন্যায়িক তদন্তৰ দাবী কৰা হৈছে । অন্ধ্ৰপ্ৰদেশ চৰকাৰে বিষয়টোৰ তদন্তৰ বাবে এছআইটি গঠন কৰিছে ।

Tirupati Prasadam Row
তিৰুপতি লাডু বিতৰ্ক;আজি উচ্চতম ন্যায়ালয়ত কেইবাখনো আদেনৰ শুনানি (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ : দেশজুৰি তিৰুপতিৰ প্ৰসাদক (লাডু)লৈ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে উচ্চতম ন্যায়ালয়ে সোমবাৰে তিৰুপতি লাডুত ব্যৱহৃত ঘিউত পশুৰ চৰ্বি মিশ্ৰণৰ অভিযোগ সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব । অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে জগন মোহন ৰেড্ডীৰ নেতৃত্বৰ পূৰ্বৰ ৱাইএছআৰ কংগ্ৰেছ প্ৰশাসনৰ সময়ত শ্ৰী ভেংকটেশ্বৰ মন্দিৰত 'প্ৰসাদ' হিচাপে বিতৰণ কৰা লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল বুলি দাবী কৰাৰ পিচতে বিষয়টো ব্যাপক চৰ্চালৈ আহিছিল ।

তিৰুপতি লাডু বিতৰ্কত শুনানি

বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ তথা তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ প্ৰাক্তন অধ্যক্ষ ৱাই ভি চুব্বা ৰেড্ডীয়ে এই সন্দৰ্ভত আবেদন দাখিল কৰিছিল । দুয়োগৰাকীয়ে বিষয়টোৰ ওপৰত ন্যায়িক তদন্তৰ দাবী জনাইছে । ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে সোমবাৰে বিষয়টোত শুনানি গ্ৰহণ কৰিব ।

অধিবক্তা সত্যম সিঙে দাখিল কৰা এক আবেদনত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত ন্যায়িক সমিতি গঠনৰ নিৰ্দেশনা বা চিবিআইৰ (কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ') দ্বাৰা বিষয়টোৰ তদন্তৰ দাবী কৰা হৈছে ।

আবেদনখনত কোৱা হৈছে, "ধৰ্মীয় ৰীতি-নীতিৰ এক গুৰুতৰ উলংঘন ঘটিছিল কিয়নো অনুসন্ধানত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে যে আমিষ সামগ্ৰী, বিশেষকৈ চৰাইৰ মাংস, পশুৰ চৰ্বি, গাহৰিৰ চৰ্বি, মাছৰ তেল আৰু অন্যান্য সামগ্ৰীৰে 'প্ৰসাদম' প্ৰস্তুত কৰা হৈছিল ।"

লগতে কোৱা হৈছে, "এই কাৰ্যই কেৱল হিন্দু ধৰ্মীয় ৰীতি-নীতিৰ মৌলিক ধাৰণাক উলংঘা কৰাই নহয় 'প্ৰসাদম'ক পবিত্ৰ আশীৰ্বাদ হিচাপে গণ্য কৰা অগণন ভক্তৰ অনুভূতিকো গভীৰভাৱে আঘাত কৰে । ই আমাৰ ধৰ্মীয় আচৰণ আৰু বিশ্বাসৰ মূলত আঘাত কৰে ।"

আন এক আবেদনত উচ্চতম ন্যায়ালয়ৰ পোনপটীয়া নিৰীক্ষণৰ অধীনত এখন সমিতি গঠন বা তিৰুপতি তিৰুমালা মন্দিৰৰ ঘিউত নিম্নমানৰ উপাদান আৰু পশুৰ চৰ্বিৰ অভিযোগৰ স্বতন্ত্ৰ তদন্ত কৰাৰ বাবে আন বিশেষজ্ঞৰ সৈতে এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি বিচৰা হৈছে ।

অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ এছআইটি গঠন

ইফালে, তিৰুপতি লাডু প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত ঘিউৰ ভেজালৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এক বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰিছে ।

লগতে পঢ়ক :তিৰুপতি লাডু বিতৰ্ক : তদন্তৰ বাবে ৯ জনীয়া এছ আই টি গঠন - Tirupati Prasadam Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.