ডিমা হাছাও, 24 নৱেম্বৰ: ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মানজা গাৱঁৰ পৰা ৰহস্য জনকভাৱে সন্ধানহীন চাৰি বছৰীয়া দুই কণমানি শিশু । জানিব পৰা অনুসৰি যোৱা 15 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে দুই কণমানি শিশু। ইতিমধ্যে লাংটিং আৰক্ষী থানাত সোমবাৰে দুই কণমানি শিশুৰ পৰিয়ালৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে।
ইফালে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিচতে লাংটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা বিশাল আৰক্ষী বাহিনী লৈ অভিযানত নামিলে ও এতিয়ালৈকে শিশু দুটিৰ সন্ধান উলিয়াব পৰা নাই । শিশু দুটি সন্ধানহীন হোৱাৰ 9 দিন পাৰ হৈ যোৱাৰ পিছত কোনো শুংসূত্ৰ লাভ কৰা নাই শিশুটিৰ পৰিয়ালে ।
লাংটিং আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি লাংটিংৰ ওচৰত মানজা গাঁৱৰ শিশুৰ দুটিৰ মাতৃ আৰু মোমায়েকে যোৱা 15 নৱেম্বৰত শিশু দুটিক ককায়েকৰ লগত থৈ বজাৰ কৰিবলৈ যোৱাৰ পিচত ঘূৰি আহি জানিব পাৰে শিশু দুটি সন্ধানহীন হোৱাৰ কথা ৷ বহু বিচাৰ খোচাৰ কৰিও কোনো খবৰ লাভ নকৰাত হতাশ হৈ পৰে শিশু দুটিৰ পৰিয়ালবৰ্গ ৷ পিচত গাৱঁৰ বাসিন্দা সকলে শিশু দুটিৰ সন্ধানত কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰাত অৱশেষত সোমবাৰে লাংটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালে। আৰক্ষীয়ে শিশু দুটিৰ সন্ধান চলাই আছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই ৷
লগতে চাওকঃ ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা