ETV Bharat / state

Assam TMC press conference: ছিণ্ডিকেট-গুণ্ডাৰাজ বন্ধৰ দাবী তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Aug 11, 2022, 8:35 PM IST

ডিমা হাছাও জিলাত ছিণ্ডিকেট আৰু গুণ্ডাৰাজ বন্ধ কৰাৰ দাবীত তৃণমূল কংগ্ৰেছৰ সংবাদমেল । বৃহস্পতিবাৰে হাফলঙত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সম্পাদক ছেটমিনথাং খংচাইয়ে অভিযোগ কৰি কয়, "দেশে স্বাধীনতাৰ 75 বছৰ পূৰ্তি পালন কৰিবলৈ লৈছে ৷ কিন্তু ডিমা হাছাও এতিয়াও স্বাধীন হোৱা নাই"।

Trinamool Congress press conference in Dima Hasao
ডিমা হাছাও জিলাত ছিণ্ডিকেট আৰু গুণ্ডাৰাজ বন্ধ কৰাৰ দাবীত তৃণমূল কংগ্ৰেছৰ সংবাদমেল

ডিমা হাছাও, 11 আগষ্ট: বৃহস্পতিবাৰে হাফলঙত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সম্পাদক ছেটমিনথাং খংচাই (Press conference by TMC in Dima Hasao) ৷ তৃণমূল কংগ্ৰেছৰ সম্পাদকগৰাকীয়ে সংবাদমেলত কয়, "দেশ স্বাধীন হোৱা উপলক্ষ্যে 75 বছৰ পূৰ্তি পালন কৰিবলৈ লৈছে চৰকাৰে ৷ কিন্তু ডিমা হাছাও এতিয়াও স্বাধীন হোৱা নাই ৷ কিয়নো ডিমা হাছাওত নিজৰ অধিকাৰৰ বাবে যুজঁ কৰিবলৈ ভয় কৰে মানুহে"।

ছেটমিনথাং খংচাইয়ে লগতে কয়, হাফলং, মাহুৰ, মাইবাং পৌৰবৰ্ডৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি দিয়াৰ বাবে তৃণমূল কংগ্ৰেছে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল । হাফলং পৌৰ বোৰ্ডৰ কৰ্মচাৰীসকলৰ যোৱা 18 মাহৰ পৰা দৰমহা বন্ধ হৈ আছে ৷

ইয়াৰ মাজতে এতিয়া বিভাগীয় কৰ্তৃপক্ষই হাফলং পৌৰ বোৰ্ডৰ কৰ্মচাৰীসকলক 3 মাহৰ দৰমহা দিয়াৰ কথা ঘোষণা কৰাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ 7 মাহৰ মাজতে দুই মাহৰ দৰমহা দিয়াৰ ঘোষণা কৰিছে পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষই আৰু বাকী থকা দৰমহা পূজাৰ আগত মুকলি কৰি দিয়া হ’ব বুলি পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষ আশ্বাস প্ৰদান কৰে ৷

কিন্তু ছেটমিনথাং খংচাইয়ে প্ৰশ্ন উত্থাপন কৰি কয় বাকী দৰমহা ক’ৰ পৰা দিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ? তেওঁৰ প্ৰশ্ন- এই কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ ক্ষেত্ৰত স্থায়ী সমাধান কেতিয়া হ’ব । তৃণমূল কংগ্ৰেছে এই কৰ্মচাৰীসকলৰ দৰমহাৰ স্থায়ী সমাধান বিচাৰে বুলি মন্তব্য কৰে ৷

পূৰ্বে মাহৰ প্ৰথম সপ্তাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ ব্যৱস্থা আছিল ৷ কিন্তু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ সব কা সব কা বিকাশ শ্লোগানৰে ক্ষমতাত অহাৰ পিছতে এই সমস্যাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সম্পাদকগৰাকীয়ে ৷

চেটমিনথাং খংচাইৰ অভিযোগ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ বাবে বছৰে 72 কোটি টকাৰ প্ৰয়োজন কিন্তু পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত বছৰি মাত্ৰ 35 কোটি টকা ৰাজহ সংগ্ৰহ হয় । তেওঁ লগতে কয় ষষ্ঠ অনুসূচীৰ অধীনত আমাক পূৰ্ণ ক্ষমতা প্ৰদান কৰা হৈছে কিন্তু আমাৰ ক্ষমতা হ্ৰাস কৰা চেষ্টা চলোৱা হৈছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

ছেটমিনথাং খংচাইয়ে লগতে উল্লেখ কৰে যে, প্ৰথমতে হাফলং মাহুৰ মাইবাং নগৰ সমিতি আছিল কিন্তু এতিয়া পৌৰ বোৰ্ড হ’ল, কিন্তু পৌৰবোৰ্ড হৈ লাভ কি হ’ল এই প্ৰশ্ন উত্থাপন কৰি তেওঁৰ অভিযোগ হাফলং চহৰত গাড়ী পাৰ্কিংঙৰ বাবে টেক্স সংগ্ৰহ কৰা হয় বজাৰৰ পৰা ও হাফলং পৌৰ বোৰ্ডৰ টেক্স সংগ্ৰহ হয় কিন্তু এই টেক্স হাফলং পৌৰ বোৰ্ডত জমা নহয় ৷ কিয়নো এই সকলে টেক্স সংগ্ৰহৰ বাবে বিজেপি নেতাসকলক লিজত দিয়া হৈছে ৷ কিন্তু লিজ দিয়া সকলে যোৱা দুই তিনি বছৰৰ পৰা সংগ্ৰহ এই ৰাজহ হাফলং পৌৰবোৰ্ড জমা দিয়া নাই বুলি অভিযোগ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু হাফলং পৌৰ বোৰ্ডৰ অধ্যক্ষক এই বিষয়ে পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়।

ছেটমিনথাং খংচাইয়ে লগতে কয়, "বিজেপি চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত হওঁক বা অন্যান্য ক্ষেত্ৰত হওঁক ডাঙৰ ডাঙৰ উৎসৱ পাতি কোটি কোটি টকা ব্যয় কৰে কিন্তু পৰ্যটন ক্ষেত্ৰত কোনো উন্নয়নৰ কথা চিন্তা কৰা নাই ৷ উমৰাংচ'ৰ বাট পথৰ অৱস্থা অতিকৈ শোচনীয় বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰি খংচাইয়ে কয় ভয় ভাবুকি দি কোনো কাম নহ’ব ৷ যদি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সঠিকভাৱে চলাব নোৱাৰে তেনেহ’লে গাদী ত্যাগ কৰিব লাগে বিজেপিয়ে ৷ ছিণ্ডিকেট আৰু গুণ্ডাৰাজ বন্ধ হ’ব লাগে আৰু কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়াকৈ প্ৰদান কৰিব লাগিব ৷ নহ’লে তৃণমূল কংগ্ৰেছে ৰাস্তাত নামি আন্দোলন কৰিব লৈ বাধ্য হ’ব বুলি মন্তব্য তৃণমূল কংগ্ৰেছ সম্পাদক গৰাকীৰ।

লগতে পঢ়ক: Assam Arunachal Pradesh border issues : অসম-অৰুণাচল সীমা বিবাদ: ১৫ ছেপ্তেম্বৰৰ পাচত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.