ETV Bharat / state

ডিমা হাছাওক পৰ্যটনৰ ক্ষেত্ৰত বিশ্ব মানচিত্ৰলৈ নিয়াৰ চিন্তা-চৰ্চা

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাওক বিশ্ব মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস ৷ ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ডিমা হাছাও জিলাক বিশ্ব পৰ্যটন মানচিত্ৰত স্থান দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ আশ্বাস পৰ্যটন বিভাগৰ ৷ দুদিনীয়া হাফলং ভ্ৰমণত আহি এই মন্তব্য পৰ্যটন দপ্তৰৰ উত্তৰ-পূৱৰ আঞ্চলিক পৰিচালক শুভ্ৰ শংকৰ দেৱবৰ্মাৰ ৷

ডিমা হাছাওক পৰ্যটনৰ ক্ষেত্ৰত বিশ্ব মানচিত্ৰলৈ নিয়াৰ চিন্তা-চৰ্চা
ডিমা হাছাওক পৰ্যটনৰ ক্ষেত্ৰত বিশ্ব মানচিত্ৰলৈ নিয়াৰ চিন্তা-চৰ্চা
author img

By

Published : Nov 22, 2020, 6:31 PM IST

ডিমা হাছাও, 22 নৱেম্বৰ: পৰ্যটনৰ ক্ষেত্ৰখনত বিশ্ব মানচিত্ৰত ডিমা হাছাও জিলাই স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে বুলি মন্তব্য পৰ্যটন দপ্তৰৰ উত্তৰ-পূৱৰ আঞ্চলিক পৰিচালক শুভ্ৰ শংকৰ দেৱবৰ্মাৰ ৷ ডিমা হাছাও জিলাক পৰ্যটন ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্য দুদিনীয়া হাফলং ভ্ৰমণত আহি পৰ্যটন দপ্তৰৰ আঞ্চলিক পৰিচালক গৰাকীয়ে এই মন্তব্য কৰে ৷

ডিমা হাছাওক বিশ্ব মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস

দেওবাৰে হাফলঙত একন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যই জিলাখনক পৰ্যটকৰ বাবে এক আকৰ্ষণ স্থলীত পৰিণত কৰিছে বুলি এক মন্তব্য কৰি দেৱবৰ্মাই ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ডিমা হাছাও জিলাক বিশ্ব পৰ্যটন মানচিত্ৰত স্থান দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ৷

তেওঁ এই কথাও উল্লেখ কৰে যে পৰ্যটন বিভাগৰ আঞ্চলিক পৰিচালকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁ ডিমা হাছাও অঞ্চলক পৰ্যটনৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ কথা ভাৱিছিল ৷ তেওঁ কয় যে হাফলঙৰ দৰে ঠাইসমূহ ইতিমধ্যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যাৰ বাবে এই ঠাই সমূহে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা ধৰি ৰাখিছে ৷ সেয়ে এই ঠাইসমূহক কেনেকৈ বিশ্ব মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি সেই উদ্দেশ্য লৈ বৰ্তমান পৰ্যটন বিভাগে চিন্তা চৰ্চা আৰম্ভ কৰিছে ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ এই ঠাইসমূহক কেনেকৈ চৰকাৰী সহযোগেৰে আন্তঃগাঁঠনিমূলক উন্নয়নৰ লগতে অন্যান্য দিশসমূহৰো উন্নয়নৰ মাধ্যমেৰে আগুৱাই নিব পাৰি সেই লৈও পৰ্যটন বিভাগে চিন্তা চৰ্চা কৰিছে বুলি তেওঁ সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সালসলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.