ETV Bharat / state

ডিমা হাছাওত এগৰাকী শিক্ষকৰে চলিছে প্ৰাথমিক বিদ্যালয়

author img

By

Published : Dec 4, 2020, 4:01 PM IST

Updated : Dec 4, 2020, 4:33 PM IST

ডিমা হাছাও জিলাত শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ ৷ নিম্ন প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিক স্তৰত শিক্ষা ব্যৱস্থা শোচনীয় ৷ এগৰাকী শিক্ষকৰে চলিছে বহু কেইখন বিদ্যালয় ৷

the-primary-school-is-run-by-one-teacher-in-dima-hasao
ডিমা হাছাওত এগৰাকী শিক্ষকৰে চলিছে প্ৰাথমিক বিদ্যালয়

ডিমা হাছাও, 4 ডিচেম্বৰ : শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত ডিমা হাছাও জিলাত নিম্ন প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিক স্তৰত শিক্ষা ব্যৱস্থা শোচনীয় হৈ পৰিছে । বিশেষকৈ জিলাখনৰ গ্ৰাম্যঞ্চল সমূহত শিক্ষা ব্যৱস্থা শোচনীয় হৈ পৰিছে । যাৰ বাবে সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী সকল । আনকি, ক'ভিড মহামাৰীৰ সময়ত বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ নেটৱৰ্কৰ অভাৱৰ বাবে বিভিন্ন সমস্যাত পৰিছে ৷

জিলাখনৰ উমৰাংচুৰ পৰা 3 কিলোমিটাৰ আঁতৰৰ ছোট লকহীনডং উচ্চ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কয় যে, বিদ্যালয়খনত সৰ্বমুঠ 35 গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে শিক্ষক মাত্ৰ এজন । যাৰবাবে ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান প্ৰায় বন্ধ হৈ পৰিছে ।

আনহাতে, লকহীনডং গাঁৱৰ গ্ৰাম প্ৰধান গৰাকীয়ে কয় যে, ছোট লকহীনডং গাঁওখন 95 বছৰত ভৰি দিলে আৰু এই উচ্চ প্ৰাথমিক বিদ্যালয়খন 1992 চনত স্থাপিত হয় । কিন্তু আজিলৈকে এই গাঁওখনত শিক্ষাৰ পৰা আৰম্ভ কৰি বাটপথ, চিকিৎসা, খোৱাপানী সকলো ক্ষেত্ৰত পিছ পৰি আছে ৷ যাৰবাবে চৰকাৰে অনতি পলমে গাঁওখনৰ সকলো সমস্যাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : কাছাৰৰ বেৰেঙ্গাত বাহনৰ ওপৰত গছ পৰি থিতাতে নিহত দুই

Last Updated : Dec 4, 2020, 4:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.