শিলচৰ, 23 নৱেম্বৰ: নাৰী দেহ গোপন ব্যৱসায়ক কেন্দ্ৰ কৰি দেওবাৰে নিশা শিলচৰ চহৰৰ প্ৰেমতলাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ গোপনে নাৰী দেহৰ বেহা চলোৱাৰ অভিযোগত প্ৰেমতলাস্থিত "চিটচাত ৰেষ্টুৰেন্ট এণ্ড চাইবাৰ কেফে" নামৰ ৰেষ্টুৰেন্ট খনত সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ দীৰ্ঘ দিন ধৰি উক্ত ৰেষ্টুৰেন্ট খনত নাৰী দেহৰ ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ পাছত দেওবাৰে নিশা ৰেষ্টুৰেন্ট খনত অভিযান চলাই একাংশ স্থনীয় যুৱকে ৷ অভিযানৰ সময়ত ৰেষ্টুৰেন্ট খনৰ পৰা আপত্তিজনক ভাৱে উদ্ধাৰ হয় এহাল যুৱক যুৱতী ৷
ইয়াৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰেষ্টুৰেন্ট খনত ৷ উত্তেজিত যুৱক সকলে ভাঙি চুৰমাৰ কৰে ৰেষ্টুৰেন্ট খনৰ আচবাব ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় সদৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমনি গোস্বামী সহ এটা আৰক্ষীৰ দল ৷ ৰেষ্টুৰেন্টৰ মালিক সহ যুৱক যুৱতী হালক আটক কৰি থানালৈ লৈ যোৱাৰ পাছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷
লগতে পঢ়কঃ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বন্যহস্তী