ETV Bharat / state

144 in Dima Hasao: ডিএনএলএৰ সৈতে চুক্তি স্বাক্ষৰৰ পাচতেই ডিমা হাছাওত ১৪৪ ধাৰা জাৰি - SP Mayank Kumar

অশান্ত হৈ হ’ব পাৰে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও । চোৰাংচোৱাৰ খবৰ অনুসৰি জিলাখনত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে বিক্ষিপ্ত ঘটনা । সেয়ে জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা (Section 144 imposed in Dima Hasao) ।

Section 144 imposed in Dima Hasao
ডিমা হাছাওত ১৪৪ ধাৰা জাৰি
author img

By

Published : Apr 28, 2023, 10:59 AM IST

Updated : Apr 28, 2023, 11:18 AM IST

ডিমা হাছাও, ২৮ এপ্ৰিল: পুনৰ ডিমা হাছাও অশান্ত হোৱাৰ আশংকা (Dima Hasao fears unrest) । চোৰাংচোৱাৰ খবৰ অনুসৰি পুনৰ অশান্ত হৈ উঠিব পাৰে অসমৰ অন্যতম পাহাৰীয়া জিলাখন ৷ যাৰ বাবে জিলা প্ৰশাসনে সমগ্ৰ জিলাত চিআৰপিচিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে । ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰৰ এক তথ্যৰ ভিত্তিত কোৱা হৈছে যে ডিমা হাছাও জিলাৰ আইন শৃংখলা পৰিস্থিতি ও শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনাই দেখা দিছে (Section 144 imposed in Dima Hasao) ।

আৰক্ষী অধীক্ষকৰ এনে তথ্য দিয়াৰ পিচতে ডিমা হাছাও জিলাৰ জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে এক নিৰ্দেশ যোগে অসমৰ অন্যতম পাহাৰীয়া জিলাত ডিমা হাছাওত ১৪৪ ধাৰা জাৰি কৰে (144 imposed in Dima Hasao) । জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্তই দিয়া নিৰ্দেশত উল্লেখ কৰা হৈছে যে কোনো ৰাজহুৱা স্থানত পাঁচ জনৰ বেছি লোক জমা হ'ব নোৱাৰিব(SP Mayank Kumar) ।

Section 144 imposed in Dima Hasao
ডিমা হাছাওত ১৪৪ ধাৰা জাৰি

১৪৪ ধাৰাৰ অধীনত সমগ্ৰ ডিমা হাছাও জিলাত জনসভা সমদল প্ৰতিবাদী কাৰ্যসূচী তথা বন্ধৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । সামাজিক মাধ্যমত কোনো ধৰণৰ উৰা বাতৰি বিয়পালে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কোনে ব্যক্তিয়ে হাতত অস্ত্ৰলৈ ঘূৰি ফুৰিব নোৱাৰিব । চিআৰপিচিৰ অধীনত জাৰি কৰা ১৪৪ ধাৰাৰ অধীনত আইন কোনোৱে অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশত উল্লেখ কৰা হৈছে ।

ইপিনে জিলাৰ এই সম্ভাব্য পৰিস্থিতি বিবেচনা কৰি সমগ্ৰ ডিমা হাছাও জিলাত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে । বিশেষকৈ হাফলং চহৰত মোতায়েন কৰা হৈছে আৰক্ষী আৰু নিৰাপত্তা বাহিনী । অন্যহাতে জিলাখনৰ সম্ভাব্য পৰিস্থিতিৰ কথা বিবেচনা কৰি অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰি হৈছে ডিমাছা হাছাও জিলালৈ ।

লগতে পঢ়ক: Ashok Singhal visited Bihpuria: বিহপুৰীয়াত ব্যয়বহুল মেগা মাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

Last Updated : Apr 28, 2023, 11:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.