ETV Bharat / state

পেৰেলত মুক্তিৰ পিচত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক - সুদীপ হাফলংবাৰ

বাপন দে’ নামৰ যুৱকজন বন্দী হৈ আছিল হাফলং কাৰাগাৰত ৷ কিন্তু ক’ভিডৰ দ্বিতীয় ঢৌত সমগ্ৰ ৰাজ্যত ভয়ংকৰ বাবে বৃদ্ধি পোৱাৰ বাবে অন্যান্য কয়েদিৰ লগতে বাপন দেকো পেৰেলত মুক্তি দিয়া হৈছিল । কিন্তু পেৰেলত মুক্ত হৈয়ে হাফলং কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ পৰিয়ালক নিজকে জেইলাৰ বুলি পৰিচয় দি টকা দাবী কৰিছিল বাপন দে’য়ে ৷

released-from-jail-in-perel-demanding-money-again-want-to-jail
জেলৰ পৰা পেৰেলত মুক্তি হৈ ধন দাবী কৰি আলহী হ’ল ৰঙাঘৰৰ
author img

By

Published : Jun 20, 2021, 10:48 PM IST

ডিমা হাছাও, 20 জুন : হাফলং কাৰাগৰৰ পৰা পেৰেলত মুক্তি পোৱা এগৰাকী অপৰাধীয়ে নিজকে জেইলাৰ বুলি পৰিচয় দি এগৰাকী ব্যক্তিৰ পৰা টকা আদায় কৰি আকৌ এবাৰ ৰঙা ঘৰৰ আলহী হ’ল । দেওবাৰে এই অপৰাধী যুৱকজনক পুনৰ হাৰেংগাজাওৰ পৰা গ্ৰেপ্তাৰ কৰে ডিমাহাছাও আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা যুৱক জনৰ লংকাৰ বাপন দে’ বুলি জানিব পৰা গৈছে ।

হাফলং আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাপন দে’ নামৰ যুৱক জন হাফলং কাৰাগাৰত বন্দী হৈ আছিল ৷ কিন্তু ক’ভিডৰ দ্বিতীয় ঢৌত সমগ্ৰ ৰাজ্যত ভয়ংকৰ বাবে বৃদ্ধি পোৱাৰ বাবে অন্যান্য কয়দীৰ লগতে বাপন দে’কো পেৰেলত মুক্তি দিয়া হৈছিল । কিন্তু পেৰেলত মুক্ত হৈয়ে হাফলং কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ পৰিয়ালক নিজকে জেলাৰ বুলি পৰিচয় দি টকা দাবী কৰিছিল বাপন দে’য়ে ৷

জেলৰ পৰা পেৰেলত মুক্তি হৈ ধন দাবী কৰি আলহী হ’ল ৰঙাঘৰৰ

উল্লেখযোগ্য যে, সুদীপ হাফলংবাৰ নামৰ এগৰাকী ব্যক্তিৰ লগতে তেওঁৰ পুত্ৰ যোৱা তিনি মাহৰ পৰা হাফলং কাৰাগাৰত বন্দী হৈ আছিল বাপন দে’ নামৰ যুৱক জনৰ সৈতে ৷ সেই সূত্ৰে সুদীপ হাফলংবাৰৰ পুত্ৰৰ লগত পৰিচয় হয় বাপন দে’ নামৰ যুৱকজনৰ ।

ইপিনে বিগত 12 মে’ত জেলৰ পৰা মুক্ত হৈ বাপন দে’ নামৰ যুৱকজনে সুদীপ হাফলংবাৰক ফোন কৰি নিজকে জেইলাৰ বুলি পৰিচয় দি তেওঁৰ পুত্ৰক জামিনত মুক্ত কৰি দিয়াৰ বাবে 20 হাজাৰ টকা দাবী কৰিছিল বুলি জানিবলৈ দিয়ে সুদীপ হাফলংবাৰে । তাৰপাচতে নিজৰ পুত্ৰৰ বেইলৰ কাৰণে সুদীপ হাফলংবাৰে 8 হাজাৰ টকা দিয়বলৈ মান্তি হৈছিল বাপন দে’ক ৷ বাপন দে’ই হাফলং মহাদেৱ টিলাৰ এখন দোকানৰ ঠিকনা দি তেওঁক 8 হাজাৰ টকা দোকান খনত দিবলৈ কয় ।

সেই অনুসৰি সুদীপ হাফলংবাৰে পুত্ৰ জামিনত মুক্তিৰ বাবে 8 হাজাৰ টকা দি থৈ যায় ৷ কিন্তু টকা দিয়াৰ পাচতো পুত্ৰৰ মুক্তি নোহাৱাত হাফলং থানাত উপস্থিত হৈ আৰক্ষীক সমগ্ৰ কথা অৱগত কৰে ৷ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰাৰ পাচতে দেওবাৰে এই বাপন দে’ নামৰ যুৱক গৰাকীক গ্ৰেপ্তাৰ কৰে । দেওবাৰে আৰক্ষীয়ে বাপন দেক আদালতত হাজিৰ কৰাৰ পাচতে কাৰাগাৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ: বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.