ETV Bharat / state

বিধায়ক শিলাদিত্যৰ শেহতীয়া বিতৰ্কিত মন্তব্যক লৈ ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 10, 2020, 8:48 PM IST

স্বনামধন্য কবি ছৈয়দ আব্দুল মালিকৰ সন্দৰ্ভত অলপতে বিধায়ক শিলাদিত্য দেৱে কৰা বিৰূপ মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ডিমাছা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলাৰে । বিধায়ক গৰাকীৰ এনে বিৰূপ মন্ত্যব্যক গৰিহনা দিয়াৰ লগতে অসমৰ এগৰাকী বৰেণ্য ব্যক্তিৰ ওপৰত কি ধৰণে এনে মন্তব্য কৰিব পাৰিলে তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিলে ডিমাছা ছাত্ৰ সন্থাৰ এইগৰাকী উপদেষ্টাই ।

reaction-of-dimasa-student-regarding-unconstitutional-opinion-of-mla-siladitya
বিধায়ক শিলাদিত্যৰ শেহতীয়া বিতৰ্কিত মন্তব্যক লৈ ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

হাফলং,১০আগষ্ট: ছৈয়দ আব্দুল মালিক কেৱল এগৰাকী সাহিত্যিকেই নহয়, তেখেত এগৰাকী অসমীয়া সাহিত্যৰো মালিক । মানুহ, মানৱতা, স্বদেশ প্ৰেম আৰু জীৱন সংগ্ৰামৰ পটভূমিত ৰচিত তেওঁৰ অমৰ সৃষ্টিৰ মাজতে প্ৰতিফলিত হৈ আছে অসমীয়া সমাজ আৰু জাতীয় জীৱন ।

এনে এগৰাকী স্বনামধন্য ব্যক্তিৰ ওপৰত হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে কৰা বিৰূপ মন্ত্যব্যক লৈ ডিমাছা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলাৰে কৰিলে প্ৰতিক্ৰিয়া ।

বিধায়ক শিলাদিত দেৱে অসমৰ এগৰাকী বৰেণ্য ব্যক্তিক কি সাহসেৰে এনেদৰে বিৰূপ মন্তব্য কৰিব পাৰিলে বুলি কৈ হাফিলাৰে ক'লে এইয়া সঁচাকৈয়ে দূৰ্ভাগ্যজনক । লগতে ক'লে, বিধায়ক গৰাকীৰ এনে নিচ চিন্তাধাৰাক গৰিহণা দিছো । পৰৱৰ্তী দিনত বিধায়ক গৰাকীক এনে ধৰণৰ মন্তব্য নিদিবৰ বাবেও সকিয়াই দিলে ডিমাছা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.