ডিমা হাছাও 23 জুনঃ ডিমা হাছাও জিলাৰ হাফলং জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৰথযাত্ৰা অনুষ্ঠান ৷ পৰম্পৰা ৰক্ষা কৰি মন্দিৰ পৰিচালনা সমতিয়ে অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰথযাত্ৰা অনুষ্ঠানটো ৷
কোভিড- 19 ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেতবোৰ নীতি- নিৰ্দেশনা জাৰি কৰিছিল ৷ ইতিমধ্যে চৰকাৰৰ এই নীতি নিয়মক সহাৰি জনায় ৰাইজে বাতিল কৰিছে সকলো সামাজিক অনুষ্ঠান ৷ ঠিক একেদৰে ডিমা হাছাও জিলাতো চৰকাৰে জাৰি কৰা নিৰ্দেশ মানি মংগলবাৰে হাফলং জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰথযাত্ৰা ৷ পৰম্পৰা ৰক্ষা কৰি পূজা অৰ্চনা আগবঢ়ায় সামাজিক দূৰত্ব বর্তাই ৰাখি সীমিত সংখ্যক স্থানীয় লোকৰ উপস্থিতিত শ্ৰীশ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা পালন কৰে ।
লগতে হাফলং জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ সদস্যা দয়ামণি সিঙে কয় যে, কোভিড 19-ৰ কাৰণে এই বছৰ জগনাথ প্ৰভুৰ ৰথ বাহিৰ কৰা নহয় । মন্দিৰ প্ৰাঙ্গনত পূজা অৰ্চনাৰ মাজেৰে ৰথযাত্ৰা পালন কৰা হৈছে । উক্ত অনুষ্ঠানত সামাজিক দূৰত্ব বজাই ৰাখি একেসময়ত 20 জনকৈ দর্শনাৰ্থীক হে মন্দিৰৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছে বুলি কয় দয়ামণি সিঙে ।
লগতে পঢ়ক- পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা