ETV Bharat / state

শিলচৰ-নিউ হাফলঙৰ মাজৰ যাত্ৰীবাহী ৰে’ল চলাচলৰ নিৰ্দেশ বাতিল ৰে’ল বিভাগৰ - Silchar New Haflong passenger train

শিলচৰ-আৰু নিউ হাফলং ষ্টেচনৰ মাজত আজিৰে পৰা আংশিকভাৱে এখন বিশেষ যাত্ৰীবাহী ৰে’লগাড়ী চলাচলৰ বাবে এক জাননী জাৰি কৰিছিল উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই । কিন্তু পুনৰ আজি পুৱা এই নিৰ্দেশনা বাতিল কৰিলে ৰে’ল বিভাগে (Railway department cancels order for passenger train in haflong)।

railway-department-cancels-order-for-passenger-train-in-haflong
শিলচৰ-নিউ হাফলংৰ মাজতে যাত্ৰীবাহী ৰে’ল চলাচলৰ নিৰ্দেশ বাতিল ৰে’ল বিভাগৰ
author img

By

Published : Jun 28, 2022, 2:20 PM IST

ডিমা হাছাও 28 জুন: বিগত কিছুদিন পূৰ্ৱে বান আৰু ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰ্য্যবসিত হৈছিল নিউ হাফলং ৰেল ষ্টেচন (New Haflong Railway Station) ৷ সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছিল ৰে‘লসেৱা ৷ কিন্তু পৰিস্থিতি কিছু সুস্থিৰ হোৱাত সোমবাৰে বিয়লি উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এখন নিৰ্দেশনা জাৰি কৰিছিল ৷

মঙলবাৰৰ পৰা শিলচৰ-নিউ হাফলং আৰু শিলচৰৰ মাজতে আংশিকভাৱে এখন বিশেষ যাত্ৰীবাহী ৰে‘লগাড়ী চলাচল কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল । নিৰ্দেশনা অনুসৰি শিলচৰৰ পৰা 11 টা ডবা লৈ এই ৰে’লগাড়ীখন 7.20 বজাত এৰি 11.30 বজাত নিউ হাফলং উপস্থিত হ’ব ৷ 3.30 বজাত পুনৰ নিউ হাফলংৰ পৰা শিলচৰৰ অভিমুখে যাত্ৰা কৰি নিশা 8.30 মান বজাত শিলচৰ আহি উপস্থিত হ’ব।

railway-department-cancels-order-for-passenger-train-in-haflong
শিলচৰ-নিউ হাফলংৰ মাজতে যাত্ৰীবাহী ৰে’ল চলাচলৰ নিৰ্দেশ বাতিল ৰে’ল বিভাগৰ

কিন্তু মঙলবাৰ অৰ্থাৎ আজি পুৱা এই বিশেষ যাত্ৰীবাহী ৰে’ল গাড়ীখন শিলচৰৰ পৰা যাত্ৰাৰ পূৰ্বেই পুনৰ অনিৰ্দিষ্টকালৰ বাবে বাতিল কৰিলে উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই (Railway department cancel the Silchar New Haflong passenger train)।

এই সংক্ৰান্তত আজি ৰাতিপুৱা এক নিৰ্দেশ জাৰি কৰে ৰে’ল বিভাগে (Railway department)।

লগতে পঢ়ক: এতিয়াৰে পৰা দিল্লী-হাৱৰা ৰেলপথেৰে প্ৰতিঘণ্টাত ১৬০ কিঃমিঃ বেগেৰে চলিব ৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.