ডিমা হাছাও,12 ফেব্ৰুৱাৰী : সমগ্ৰ দেশতেই 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা মাহ উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠান আৰু সচেতনতামূলক জনসভা অনুষ্ঠিত কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি শুকুৰবাৰে হাফলঙত পথ সুৰক্ষা সমিতিৰ উদ্যোগত সাংস্কৃতিক ভৱনত এখন জনসভা অনুষ্ঠিত হয় ।
প্ৰথমতে হাফলং সাংস্কৃতিক ভৱনৰ পৰা বাইক আৰু বাহন ৰেলীৰে সমগ্ৰ চহৰ পৰিক্ৰমা কৰি আকৌ হাফলং সাংস্কৃতিক ভৱনত উপস্থিত হয় ৷ ইয়াৰ পাচতে সাংস্কৃতিক ভৱনত পথ দুৰ্ঘটনা বন্ধ কৰা আৰু পথ সুৰক্ষাৰ ওপৰত সচেতনতা অনাৰ লক্ষ্যৰে এখন জনসভা অনুষ্ঠিত হয় ।
এই জনসভাত ডিমা হাছাও জিলা উপায়ুক্ত পল বৰুৱাই কয় যে, ‘‘সুৰাপান কৰি যানবাহন চলোৱা লোকসকলৰ লাইচেন্স বাতিল কৰি দিয়া হ’ব ৷ পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে সকলোৱে সচেতন হ’ব লাগিব’’।
আনহাতে জিলা পৰিবহণ বিষয়া অৰুণ বৰাই কয় যে, প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় ডেৰ লাখ মানুহৰ মৃত্যু হয় ৷ ইয়াৰোপৰি, প্ৰতিবছৰে সচেতনতাৰ অভাৱত আৰু 18 বছৰৰ পৰা 45 বছৰলৈকে 70 শতাংশ যুৱকৰ মৃত্যু হয় । গতিকে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আমি দায়িত্ব ল’ব লাগিব’’ । ইয়াৰ বাবে পৰিবহণ বিভাগ, লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগ স্বাস্থ্য আৰু শিক্ষা বিভাগেও দায়িত্ব গ্ৰহণ কৰিব লাগিব’’ ৷
লগতে পঢ়ক : জনিয়াত বেঁকী নৈৰ বিধ্বংসী ৰূপ