ETV Bharat / state

Protest at Jatinga : ক্ষতিপূৰণৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী - ৰাষ্ট্ৰীয় ঘাইপথ

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ ৷ ডিমা হাছাও জিলাৰ ইনৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে গাঁও সমূহৰ ক্ষতিগ্ৰস্ত বাসিন্দা সকলক ক্ষতিপূৰণ মোকলাই দিয়া নাই বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷

Public Holds Protest at Jatinga in Dima Hasao
ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:18 PM IST

অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰাইজৰ

হাফলং, 16 অক্টোবৰ : 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জাতিংগাত ৰাইজৰ প্ৰতিবাদ ৷ ইনৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে ক্ষতিগ্ৰস্ত গাঁও সমূহৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ডিমা হাছাও জিলাৰ ইনৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এই অঞ্চলৰ বহু গাঁৱৰ বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে ৷ দীৰ্ঘদিনৰ পৰা এই গাঁও সমূহৰ বাসিন্দা সকলৰ ক্ষতিগ্ৰস্ত ভূমিৰ ক্ষতিপূৰণ মোকলাই দিয়াৰ বাবে ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ’ৰাম আৰু ইণ্ডিজেনাচ অ’মেন ফ’ৰাম আৰু ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দা সকলে দাবী জনাই আহিছে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গাঁওসমূহৰ বাসিন্দা সকলৰ ক্ষতিগ্ৰস্ত ভূমিৰ ক্ষতিপূৰণ মুকলি কৰি দিয়াৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্ৰধিকৰণক নিৰ্দেশ দিয়াৰ পিচতো আজিলৈকে ঘাইপথ প্ৰাধিকৰণে ডিমা হাছাও জিলাৰ ইনৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে গাঁও সমূহৰ ক্ষতিগ্ৰস্ত বাসিন্দা সকলক ক্ষতিপূৰণ মোকলাই দিয়া নাই বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷

তদুপৰি ইনৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ব্লেক টেপিং কৰাৰ বাবে দাবী জনাই অহাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে ৷

ফলত সোমবাৰে জাতিংগাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে ধৰ্ণাত বহে স্থানীয় ৰাইজ ৷ লগতে প্ৰতিবাদকাৰীসকলে হাফলঙত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ কাৰ্যালয় ঘেৰাও কৰি তেওঁলোকৰ দাবী অনতিপলমে পূৰণ কৰাৰ দাবী উত্থাপন কৰে ৷ কিন্তু প্ৰতিবাদকাৰী সকলে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ আশ্বাস বা সঁহাৰি নাপায় অৱশেষত পুনৰ ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকালৰ বাবে ধৰ্ণাত বহি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে যে, বিগত 10 বছৰৰ পৰা তেওঁলোকে ক্ষতি পূৰণৰ বাবে দাবী জনাই অহাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তেওঁলোকৰ ক্ষতিগ্ৰস্ত ভূমিৰ ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ প্ৰতিবাদকাৰী সকলে আৰু কয় যে যেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তেওঁলোকৰ ক্ষতিগ্ৰস্ত ভূমিৰ ক্ষতিপূৰণ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আশ্বাস বা লিখিত প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে 37 নং ৰাষ্ট্রীয় ঘাইপথত তেওঁলোকৰ প্ৰতিবাদ কাৰ্যসূচী চলি থাকিব ৷ ইফালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে যান-বাহনৰ চলাচল বিঘ্নিত হৈছে ৷

লগতে পঢ়ক : Ajanta Neog in Jorhat : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰি গৈছে: অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.