ETV Bharat / state

Demand for separate District: পৃথক জিলা গঠনৰ দাবীত ডিমা হাছাওত প্ৰতিবাদ - Dima Hasao protests demanding formation of separate districts

পৃথক জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে ডিমা হাছাও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 2020 চনৰ 28 ডিচেম্বৰতে কমিটি গঠন কৰি দিয়াৰ পিচতো ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন(Demand for separate District)ৰ প্ৰক্ৰিয়া আগ নবঢ়াত ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

পৃথক জিলা গঠনৰ দাবীত ডিমা হাছাওত প্ৰতিবাদ

author img

By

Published : Dec 30, 2021, 4:20 PM IST

ডিমা হাছাও, 30 ডিচেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে পুৱা 10 টা বজাৰ পৰা ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ সদস্যসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । উল্লেখ্য 2010 চনত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন(Demand for separate District)ৰ দাবীত আন্দোলন কৰি আহিছে । কিন্তু এতিয়ালৈ ৰাজ্য চৰকাৰে সংগঠনটোৰ দাবী লৈ কোন ধৰণৰ পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

ইপিনে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ সাধাৰণ সম্পাদক এল লিমা কেভমে কয় যে, তেওঁলোকৰ পৃথক জিলা গঠনৰ দাবী সন্দৰ্ভত 2020 চনৰ 28 ডিচেম্বৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত তৎকালীনভাৱে ৰাজ্য চৰকাৰে এখন কমিটি গঠন কৰি দিয়াৰ পিচতে 28 ডিচেম্বৰত এই কমিটিৰ লগতে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ লগত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত বৈঠকৰ তিনি মাহৰ ভিতৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত এই কমিটীখনে পৃথক জিলা গঠনৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল আৰু সংগঠনটোৰ লগতে এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল ৷ কিন্তু আজি পৰ্যন্ত এই বৈঠক অনুষ্ঠিত হোৱা নাই ।

পৃথক জিলা গঠনৰ দাবীত ডিমা হাছাওত প্ৰতিবাদ

এল লিমা কেভমৰ অভিযোগ, 2021 চনৰ 27 জুনত অসমৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কালত হাফলং চাৰ্কিট হাউচত ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ 26 জন প্ৰতিনিধিৰ লগত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে 15 পৰা 20 দিনৰ ভিতৰতে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ পৃথক জিলা গঠনৰ দাবী সন্দৰ্ভত আলোচনাৰ বাবে তেওঁলোকক গুৱাহাটীলৈ নিমন্ত্ৰণ জনোৱা হ’ব ৷ আলোচনাৰ বাবে কিন্তু আজিলৈকে তেওঁলোকক নিমন্ত্ৰণ জনোৱা হোৱা নাই ৷ অনতি পলমে এই সন্দৰ্ভত চৰকাৰে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামক গুৱাহাটীলৈ মাতি পৃথক জিলা গঠনৰ সন্দৰ্ভত আলোচনা কৰাৰ দাবী (Indigenous People's Forum demands separate district) ত বৃহস্পতিবাৰে তেওঁলোকে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে এল লিমা কেভমে ।

লগতে পঢ়ক: NEET-PG 2021 counselling: গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.