ETV Bharat / state

ভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

মহানগৰীৰ গুৱাহাটী ক্লাৱতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সংগটনটোৱে

author img

By

Published : Nov 27, 2019, 11:59 PM IST

প্ৰতিবাদ
ভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

নিউজ ডেস্ক, 27 নৱেম্বৰঃ বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন সমস্যাৰ দাবীত অব্যাহত থাকিল প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে ভিন্ন দাবী পূৰণৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷

হাইলাকান্দিত কেবৰ প্ৰতিবাদত আছুৰ গণসত্যাগ্ৰহ । কেন্দ্ৰই খিলঞ্জীয়াৰ ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰায় দুই শতাধিক জনতাই হাইলাকান্দিৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ।

আনহাতে, লখিমপুৰতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুব পৰিষদে ৷ লখিমপুৰ নগৰৰ গৰীয়াজানত সংগঠনটোৰ কৰ্মী সকলে বিধেয়কখনৰ বাতিলৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ঠিক একেদৰে, মহানগৰীৰ গুৱাহাটী ক্লাৱতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সংগটনটোৱে ৷

তাৰোপৰি শীঘ্ৰে বিশেষ টেটৰ বিজ্ঞাপন জাৰি কৰাৰ দাবীত সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাৰ প্ৰতিবাদ । গুৱাহাটী ক্লাৱৰ পৰা সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷ প্ৰতিবাদৰ অন্তত শিক্ষা মন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

ভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

বুধবাৰে ট্ৰাফিক সমস্যাৰ বাবেই প্ৰতিবাদত নামিল শিলচৰ চহৰৰ মহিলা সমাজ ৷ চহৰখনৰ পৰা যাত্ৰীবাহী যানবাহনৰ ষ্টেণ্ড সমূহ বাহিৰ কৰা বাবেই অঞ্চলটোত যানযটৰ উপৰিও সন্ধিয়া হ'লে পৰিৱেশ বিনস্ত দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

গোলাঘাটত গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ । নুমলিগড় শোধনাগাৰত অনুসূচিত জাতিৰ পদত কৰ্মৰত অনা অসমীয়া জাতিৰ কৰ্মচাৰী সকলক নিলম্বন কৰা আৰু ভাৰতীয় চাহ বৰ্ডত দুৰ্নীতি তদন্তৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ।

আনহাতে, ছমাহ পৰ্যন্ত দৰমহা নাপায় প্ৰতিবাদত বহিল হাফলং জনস্বাস্থ্য কাৰীগৰি বিভাগৰ 282 গৰাকী কৰ্মচাৰী । ডিমা হাছাৱৰ চৰকাৰী বিভাগত দৰমহা অনলাইন ব্যৱস্থা হোৱাৰ পাচৰে পৰা বিগত মে' মাহৰ পৰা হাফলং জনস্বাস্থ্য কাৰীগৰি বিভাগৰ 282 গৰাকী কৰ্মচাৰী দৰমহাহীন হৈ পৰে । যাৰ বাবে নিজ প্ৰাপ্যৰ দাবীত বুধবাৰে প্ৰতিবাদত নামিল কৰ্মচাৰীসকল ৷

Intro:SLUG :: হাইলাকান্দিত ক্যাব'ৰ প্ৰতিবাদত আছু'ৰ গণসত্যাগ্ৰহ।

Body:O/C :: হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি। কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি হাইলাকান্দিত তীব্র প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্র সস্থাই। জিল‍া ছাত্র সস্থাৰ আহ্বানমৰ্মে আজি হাইলাকান্দি জিলাত গণসত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্রই খিলঞ্জীয়া মানুহৰ ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ ষড়যন্ত্র কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰায় দুই শতাধিন জনতাই হাইলাকান্দিৰ ৰাজপথলৈ ওলাই আহি ধর্ণসমদলেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। সত্যাগ্রহীসকলে ‘দিল্লীৰ অন্যায় মানি লোৱা নহ’ব’, ‘হিন্দু-মুছলমানৰ নামত বিদেশীক ভাগ ভাগ কৰা নচলিব’, ‘কেন্দ্রীয় চৰকাৰ-অসম চৰকাৰ হায় হায়’, ‘অসম চুক্তি ৰূপায়ণ কৰক' আদি শ্লোগানেৰে হাইলাকান্দিৰ ৰাজপথ কঁপাই তোলে। স্থানীয় শিলচৰ ৰোডৰ পৰা সমদল উলিয়াই জিলা শাসক কাৰ্যালয়ৰ সম্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰে।

byte :: Amzad Laskar, President AASU

########Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.