ETV Bharat / state

Protest at Haflong : বন্ধ প্ৰথাৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদ

author img

By

Published : Apr 25, 2023, 1:27 AM IST

এইবাৰ প্ৰতিবাদ পাহাৰীয়া জিলা হাফলঙত (Protest at Haflong) ৷ ডিমাছা জনগোষ্ঠীৰ কেবাটাও জাতীয় দল সংগঠন একত্ৰিত হৈ সোমবাৰে হাফলং নগৰ সমিতিৰ পথাৰৰ পৰা এখন প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ য’ত জিলাখনৰ বহু ৰাইজে অংশগ্ৰহণ কৰে ৷

Protest against Bandh culture at Haflong
এইবাৰ প্ৰতিবাদ পাহাৰীয়া জিলা হাফলঙত
এইবাৰ প্ৰতিবাদ পাহাৰীয়া জিলা হাফলঙত

হাফলং, 24 এপ্ৰিল : 26 এপ্ৰিলৰ পৰা অনিদৃষ্টকালৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ডিমা হাছাও জিলাত (Protest in Dima Hasao) ৷ ইণ্ডিজিনাচ পিপলচ ফ’ৰামে আহ্বান মৰ্মে পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন, পৃথক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী আৰু পিআৰচি ভেৰিফিকেচন বন্ধ কৰাৰ দাবীত এই বন্ধ ঘোষণা কাৰ হৈছে ৷ কিন্তু এই বন্ধৰ বিৰোধিতা কৰি সোমবাৰে ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against Bandh culture at Haflong) ৷

ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনক লৈ গঠিত যুটীয়া সমন্বয় সমিতি, ডিমাছা ষ্টুডেন্টছ ইউনিয়ন সদৌ ডিমাছা ষ্টুডেন্টছ ইউনিয়ন আৰু ডিমাছা মাদাৰ এছ’চিয়েচনৰ উদ্যোগত সোমবাৰে হাফলং নগৰ সমিতিৰ পথাৰৰ পৰা এখন প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷

প্ৰায় দহ হাজাৰ প্ৰতিবাদকাৰীয়ে এই বন্ধৰ তীব্ৰ প্ৰতিবাদ কৰি সাম্প্ৰদায়িক দৃষ্টি ভংগীত ডিমা হাছাও জিলা বিভক্তি নকৰিবলৈ আহ্বান জনায় ৷ লগতে প্ৰতিবাদকাৰীসকলে এই বন্ধ আমি মানি নলওঁ, আমি শান্তি বিচাৰো, আইপিএফ গ’ বেক আদি শ্ল’গান দি সমগ্ৰ চহৰ উত্তাল কৰি তোলে ।

হাফলং নগৰ সমিতিৰ পথাৰৰ পৰা উলোৱা এই সমদল হাফলং চহৰৰ প্ৰধান ৰাজপথ হৈ হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অন্ত পৰে । ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

ইপিনে ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচমৰ সভাপতি কল্যান দাওলাগাপুৱে সংবাদ মাধ্যমৰ আগতে কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কিছু প্ৰাক্তন সদস্য এতিয়া ইণ্ডিজিনাচ পিপলচ ফৰাম নামৰ সংগঠন গঠন কৰি সাম্প্ৰদায়িক দৃষ্টি ভংগীৰে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবী জনাই এই পাহাৰীয়া জিলাত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ৷ সেয়া আমি কেতিয়াও কৰিবলৈ নিদিওঁ ৷ আমি শান্তি বিচাৰো’’ ৷

তেওঁ আৰু কয়, ‘‘সাম্প্ৰদায়িক দৃষ্টিভংগীৰে আমি কেতিয়াও ডিমা হাছাও জিলাক ভাগ হ’বলৈ নিদিওঁ । ইয়াৰ পাচত যদি ইণ্ডিজিনাচ পিপলচ ফৰাম নামৰ এই তথাকথিত সংগঠনটোৱে বন্ধৰ আহ্বান কৰে, তেনেহ’লে আমিও অনাগত দিনত আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম’’ ৷

অন্যহাতে, ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে কয়, ‘‘বন্ধ সংস্কৃতি ডিমা হাছাও জিলা আৰু সমাজৰ বাবে ক্ষতিকাৰক ৷ বন্ধৰ ফলতে শিক্ষা ব্যৱস্থাৰ আৰম্ভ কৰি সকলো ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পৰে ৷ যাৰ বাবে এই বন্ধৰ বিৰোধিতা কৰিছো । আজি আমি সকলো জাতি জনগোষ্ঠীৰ মানুহক লগত লৈ বন্ধৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো । এতিয়া অসমৰ অন্যতম পাহাৰীয়া জিলাত শান্তি বিৰাজ কৰিছে’’ ৷

তেওঁ আৰু কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি আছে ৷ ইয়াৰ পিচতো ইণ্ডিজিনাচ পিপলচ ফৰাম সংগঠনে ডিমাছা জনগোষ্ঠীৰ লোকসকল বেয়া বুলি বিবৃত্তি প্ৰদান কৰি থাকে’’ ৷ প্ৰমিত চেংয়ুংয়ে কয়, ‘‘আমিও দীর্ঘদিনৰ পৰা স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কৰি আহিছো । কিন্তু আমিতো কেতিয়াও কোনো জাতি জনগোষ্ঠীক বেয়াকৈ গালি পৰা নাই’’ ৷

লগতে পঢ়ক : KLO cadre neutralized: কোকৰাঝাৰ এনকাউণ্টাৰত নিহত দুই KLO ৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.