ETV Bharat / state

মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:36 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমান্ত কুমাৰ দাসৰ সংবাদমেল ৷ জিলা প্ৰশাসন নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু বুলি কয় তেওঁ ৷

NC Hills Autonomous Council Election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন
ডিমা হাছাওৰ জিলা আয়ুক্তৰ সংবাদমেল

হাফলং, 9 ডিচেম্বৰ : মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ শনিবাৰে এই কথা জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ আয়ুক্ত তথা নিৰ্বাচনী বিষয়া সীমান্ত কুমাৰ দাসে ৷ জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ আগন্তুক কিছুদিনৰ ভিতৰতে ৰাজ্যৰ নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷

তেওঁ কয় যে, নিৰ্বাচনৰ বাবে প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ যদিও ৰাজ্যৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰা নাই তথাপি ডিমা হাছাও জিলা প্ৰশাসন নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু ৷ জিলা আয়ুক্ত দাসে কয় যে, মাঘ বিহুৰ পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে ৷

জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে লগতে জানিবলৈ দিয়ে যে, ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে 14 নৱেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ভোটাৰ হৈছে 1 লাখ 41 হাজাৰ 124 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 70 হাজাৰ 485 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 70 হাজাৰ 639 গৰাকী ৷ ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে 24 গৰাকী বিষয়াক দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে 28 টা সমষ্টিৰ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব ৷ আজি তেওঁলোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হৈছে ৷

জিলা আয়ুক্তগৰাকীয়ে কয় যে, এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বেলট পেপাৰত ভোট গ্ৰহণ হ’ব৷ জিলা আয়ুক্তই লগতে কয় যে, আৰক্ষীৰ জৰিয়তে ইতিমধ্যে ভোট কেন্দ্ৰ সমূহ তদাৰক কৰি থকা হৈছে আৰু নিৰ্বাচনৰ বাবে সীমান্তৱৰ্তী এলেকাৰ ভোট কেন্দ্ৰ সমূহ আৰু অন্যান্য ভোট কেন্দ্ৰ সমূহত কিদৰে নিৰাপত্তা ব্যৱস্থা কৰা হ’ব তাকে লৈ আৰক্ষী আৰু জিলা প্ৰশাসনৰ আলোচনা চলি আছে ৷ তেওঁ কয় অতি সোনকালে ৰাজ্যৰ নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : ১২ ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.