হাফলং,৫ জুলাই: ডিমাছা ছাত্ৰ সন্থাৰ ৪৩ সংখ্যক সাধাৰণ অধিবেশন এইবাৰ অনুষ্ঠিত হ'ব ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচ'ত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ উমৰাংচ'ত অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ চেপ্টেম্বৰলৈ চলিব ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ অধিবেশন।ডিমাছা ছাত্ৰ সন্থাৰ হাফলঙৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি চিদূত নাইডিঙৱে কয় অহা ২২ ছেপ্টেম্বৰৰ পৰা উমৰাংচ' গৰমপানি খেল পথাৰত ডিমাছা ছাত্ৰ সন্থাৰ চাৰিদিনীয়া সাধাৰণ অধিবেশন অনুষ্ঠিত হ'ব । এই সাধাৰণ অধিবেশনৰ বাবে ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । এই অধিবেশনখনি সফল কৰি তোলাৰ লক্ষ্যৰে ডিমাছা ছাত্ৰ সন্থাই ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সংবাদমেলত চিদূত নাইডিঙৱে কয়।
ইপিনে, সংবাদমেলত ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙৱে কয় যে পাঁচ বছৰ আগত ২০১৮ চনত ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ কালাচান্দত ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ অধিবেশ অনুষ্ঠিত হৈছিল । ইয়াৰ পিছতে ২২ ছেপ্টেম্বৰৰ পৰা উমৰাংচ'ত সাধাৰণ অধিবেশন অনুষ্ঠিত হ'ব। তেওঁ কয় যে এই চাৰিদিনীয় অধিবেশনৰ মাজতে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মুকলি অধিবেশন আৰু এই অধিবেশনত কেইবাগৰাকী মন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হ'ব বুলি মন্ত্যব কৰি তেওঁ কয় ডিমাছা ছাত্ৰ সন্থাৰ এই সাধাৰণ অধিবেশনত নাগালেণ্ড,কাৰ্বি-আংলং আৰু ৰাজ্যৰ ডিমাছা অধ্যুষিত অঞ্চলসমূহৰ পৰা ২০ হাজাৰ লোক উপস্থিত হ'ব ।ইয়াৰ উপৰি ডিমাছা ছাত্ৰ সন্থাৰ বিভিন্ন শাখা কমিটী আৰু জিলা কমিটীৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি মন্ত্যব কৰি প্ৰমিত চেংয়ুঙৱে কয় যে এই সাধাৰণ অধিবেশনত ডিমাছা জনগোষ্ঠীৰ বিভিন্ন সমস্যালৈ আলোচনা হব। ডিমাছা ছাত্ৰ সন্থাৰ এই চাৰিদিনীয়া অধিবেশনক সফল কৰি তোলাৰ বাবে সকলৰ সহযোগিতা বিচাৰিছে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙৱে
এই সংবাদমেলত উপস্থিত থাকে ডিমাছা ছাত্ৰ সন্থাৰ ৪৭ সংখ্যক সাধাৰণ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জয়বাছ ওয়াৰিছা আৰু ডিমাছা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ।
লগতে পঢ়ক:BCCI Selection Committee Chairman : অজিত আগৰকাৰ বিচিচিআইৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ নিযুক্ত