ETV Bharat / state

Assam Book Fair: হাফলঙত প্ৰথমবাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:27 PM IST

১ অক্টোবৰৰ পৰা ডিমা হাছাওত আৰম্ভ হ'ব অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা যৌথভাৱে এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ।

Publication Board Assam
অসম প্ৰকাশন পৰিষদ
অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত

হাফলং, ২৬ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময় গ্ৰন্থমেলা অনুষ্ঠিত হ'লেও ডিমা হাছাও জিলাত আজিলৈকে কোনো ধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত হোৱা নাই । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা যৌথভাৱে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং সাংস্কৃতিক ভৱনত অহা ১ অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা আৰম্ভ হ'ব । এই গ্ৰন্থমেলা চলিব ৭ অক্টোবৰলৈকে । এতিয়া এই গ্ৰন্থমেলাৰ প্ৰস্তুতি চলিছে তীব্ৰ গতিত ।

অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম গ্ৰন্থমেলাৰ বাবে সম্পূৰ্ণ সাজু হৈছে উদ্যোগতাসকল । প্ৰথমবাৰৰ বাবে এনে ধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব হাফলঙত । এই অসম গ্ৰন্থমেলাকলৈ হাফলঙৰ সাহিত্য অনুৰাগীৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে । এই অসম গ্ৰন্থমেলাত সাহিত্য আৰু সাংস্কৃতিক বিষয়ক আলোচনা চক্ৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অসম গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিতাপ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে ।

আনহাতে, গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীৰ উন্মোচনী কাৰ্যসূচী বিশিষ্ট ব্যক্তিৰ দ্বাৰা কৰোৱা হ’ব বুলি সদৰী কৰিছে উদ্য়োক্তাসকলে ৷ এই গ্ৰন্থমেলাক লৈ আয়োজক যথেষ্ট আশাবাদী হৈ পৰিছে । উল্লেখ্য় যে বিগত ৬ ফেব্ৰুৱাৰীৰ ১২ তাৰিখলৈকে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা ২০২৩ ৷

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন পৰিষদ লগতে পুথি বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত হৈছিল উক্ত গ্ৰন্থমেলাখন । উক্ত গ্ৰন্থমেলাখনত ৰাইজৰ সঁহাৰি আছিল আশাপ্ৰদ । এই উক্ত গ্ৰন্থমেলাৰ জৰিয়তে নতুন প্ৰজন্মৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে শৈক্ষিক আৰু সামাজিক দিশতো ইতিবাচক বাৰ্তা বহন কৰিব বুলি উদ্য়োক্তাসকলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Jitendra Nath Pradhani at Barpeta Satra: বৰপেটা জিলাক অংগক্ষত কৰিলে বৰপেটা সত্ৰৰ ভৱিষ্যত অন্ধকাৰ: অসম সত্ৰ মহাসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.