ETV Bharat / state

Allegation against APBN Jowan : ডিমা হাছাওত পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰক এপিবিএন জোৱানৰ প্ৰহাৰৰ অভিযোগ

author img

By

Published : Jul 29, 2022, 1:23 PM IST

ডিমা হাছাও জিলাত পাৱাৰ গ্ৰীডৰ এজন জুনিয়ৰ মেনেজাৰক বিনা কাৰণত অসম আৰক্ষী বেটেলিয়নৰ 9 গৰাকী জোৱানে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে (Power Greed Junior Manager beaten by APBN Jowan) । ঘটনাটো সংঘটিত হৈছে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী উমৰাংচুত (Dima Hasao industrial city Umrangsu) ।

a
a

ডিমা হাছাও, 29 জুলাই : ডিমা হাছাও জিলাত পাৱাৰ গ্ৰীডৰ এজন জুনিয়ৰ মেনেজাৰক বিনা কাৰণত অসম আৰক্ষী বেটেলিয়নৰ 9 গৰাকী জোৱানে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে (Power Greed Junior Manager beaten by APBN Jowan) । ঘটনাটো সংঘটিত হৈছে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী উমৰাংচুত (Dima Hasao industrial city Umrangsu) । উক্ত ঘটনাৰ পিছতে পাৱাৰ গ্ৰীডৰ ভুক্তভোগী জুনিয়ৰ মেনেজাৰে উমৰাংচু আৰক্ষী থানাত অসম আৰক্ষীৰ 9 গৰাকী জোৱানক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰে । কিন্তু তাৰ পিছতো আৰক্ষীয়ে আজিলৈকে এই সন্দৰ্ভত কোনো গোচৰ নথিভুক্ত নকৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য, ঘটনাটো সংঘটিত হোৱাৰ সময়ত অসম আৰক্ষীৰ জোৱানকেইজন নিচাগ্ৰস্ত অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচাই (Drunken APBN Jowan beaten Power Greed Junior Manager) । ভুক্তভোগী জুনিয়ৰ মেনেজাৰগৰাকীয়ে দিয়া তথ্য অনুসৰি, তেওঁ যোৱা 24 জুলাইত তেওঁৰ কৰ্তব্য শেষ কৰি কাৰ্যালয়ৰ পৰা তেওঁৰ মটৰচাইকেলেৰে উমৰাংচু বজাৰলৈ অহাৰ সময়ত উমৰাংচু 16 কিলো এলেকাত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ (Dalmia Cement Factory) সন্মুখত এই ঘটনা সংঘটিত হয় ।

এপিবিএন জোৱানৰ প্ৰহাৰৰ অভিযোগত এফআইআৰ
এপিবিএন জোৱানৰ প্ৰহাৰৰ অভিযোগত এফআইআৰ

ঘটনাৰ বিবৱৰণী মতে, যোৱা 24 জুলাইত ঘটনাটো সংঘটিত হোৱাৰ সময়ত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা ধনেশ্বৰ ৰায় নামৰ অসম আৰক্ষীৰ জোৱানজনে অসামৰিক পোছাকত নিশাগ্ৰস্ত অৱস্থাত ৰাস্তাত কুকুৰক শিলগুটি নিক্ষেপ কৰি আছিল । সেই সময়তে উক্ত পথেৰে যোৱা এইচজিচিএল তথা পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচাক উক্ত শিলে আহি আঘাত কৰে । তেতিয়া তেওঁ এপিবিএন জোৱানজনক তেনেদৰে পথত শিলগুটি নদলিয়াবলৈ অনুৰোধ জনায় ।

কিন্তু উক্ত কথাতে জাঙুৰ খাই উঠি ধনেশ্বৰ ৰায়ৰ লগতে অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৰাজু বাতাৰি আৰু 7 গৰাকী জোৱানে আহি পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰগৰাকীক লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । ইয়াৰ মাজতে তেওঁ কিবা প্ৰকাৰে উক্ত 9 গৰাকী আৰক্ষী বেটেলিয়নৰ পৰা নিজকে বচাই নিজৰ কাৰ্যালয়ত গৈ উপস্থিত হয় ।

তাৰ পিছত পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচাই উমৰাংচু থানাত অসম আৰক্ষী বেটেলিয়নৰ জোৱান ধনেশ্বৰ ৰায় আৰু ৰাজু বাতাৰিৰ লগতে মুঠ 9 জন এপিবিএনৰ জোৱানক অভিযুক্ত কৰি উমৰাংচু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে (FIR against APBN Jowan at Umrangshu Police Station) ।

কিন্তু আজিলৈকে এই ঘটনা সন্দৰ্ভত উমৰাংচু আৰক্ষীয়ে কোনো গোচৰ নথিভুক্ত কৰা নাই বুলি অভিযোগ উঠিছে । ইফালে উক্ত ঘটনাৰ পিছতে গুৱাহাটীৰ ডিমাছা ছাত্ৰ কমিউনিটি জাঙুৰ খাই উঠে (Dimasa Student Community) । লগতে তেওঁলোকে উমৰাংচু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অনতি পলমে উক্ত অসম আৰক্ষীৰ জোৱানকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উপযুক্ত আইনী পদক্ষেপ গ্ৰহণৰ দাবী জনায় । উল্লেখ্য যে পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচা গুৱাহাটী ডিমাছা ছাত্ৰ কমিউনিটিৰ প্ৰাক্তন সভাপতি ।

লগতে পঢ়ক :Death anniversary of Tarun Ram Phukan: ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.