ডিমা হাছাও, 20 অক্টোবৰ : ক'ভিড-19 ৰ বাবে এই বছৰ দুৰ্গা পূজালৈ ৰাইজৰ মাজত নাই কোনো উচাহ ৷ নিয়ম মানি পূজা অনুষ্ঠিত কৰিছে পূজা কমিটিসকলে ৷ এতিয়া চৰকাৰী সাহাৰ্য বিচাৰি চৰকাৰৰ ওচৰত কাতৰ আবেদন কৰিছে ডিমা হাছাও জিলাৰ মৃৎশিল্পী সকলে ৷
ডাঙৰ ডাঙৰ প্ৰতিমা নিৰ্মান কৰি বিপাঙত পৰিছে মৃৎশিল্পী সকল ৷ ৰোজগাৰ বন্ধ হৈ পৰা বাবে প্ৰতিমা নিৰ্মান কৰি পৰিয়াল চলোৱা এইসকল শিল্পী এতিয়া সমস্যাত পৰিছে ৷
হাফলঙত 11 খন দুৰ্গাপূজা অনুষ্ঠিত হ'ব এই বছৰ ৷ তাৰ মাজতে পূজা কমিটি সকলে পূজাৰ বাজেট কমাই দিয়াৰ ফলত ডাঙৰ ডাঙৰ প্ৰতিমা এতিয়া কাৰখানাতে পৰি ৰৈছে ৷ ক'ভিড 19-ৰ বাবে এইবাৰ এই প্ৰতিমা শিল্পৰ কাজত জড়িত শিল্পীসকল এতিয়া বিপদত পৰি চৰকাৰী সাহাৰ্যৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত কাতৰ আবেদন জনাইছে ৷
লগতে পঢ়ক : ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্য়াগৰ পৰিকল্পনা !