হাফলং, ৭ জানুৱাৰী: অসম আৰক্ষী কেৱল ৰাইজৰ সুৰক্ষাৰ কাৰণেই নিয়োজিত নহয় । বিভিন্ন সময়ত উন্নয়নমূলক কামৰ লগতো জড়িত হৈ আছে অসম আৰক্ষী । এইবাৰ পথ নিৰ্মাণৰ কামত নামিল অসম আৰক্ষীৰ পঞ্চম আৰক্ষী বেটেলিয়ন(Assam police repaired road) । শনিবাৰে ডিমা হাছাও জিলাৰ হাফলং-দিয়ুংমুখ-লংকা পথ নিৰ্মাণৰ কামত নামিল অসম আৰক্ষীৰ জোৱান(Police repaired road in Dima hasao) । শনিবাৰে পুৱাৰ পৰা হাফলং দিয়ুং নৈৰ পৰা চনটিলাৰ মাজত বেয়া হৈ থকা পথটো মেৰামতি কৰি যাতায়তৰ উপযুক্ত কৰি তোলাৰ কাৰণে চনটিলা পঞ্চম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেণ্ট এল দুঙ্গেলৰ নেতৃত্বত আৰক্ষী বেটেলিয়নৰ জোৱানসকলে কাম আৰম্ভ কৰে ।
লোক নিৰ্মাণ বিভাগৰ অধীনস্থ এই পথটোৱে দীৰ্ঘদিনৰ পৰা অতি শোচনীয় ৰূপ ধাৰণ কৰিছিল । হাফলং লোক নিৰ্মান বিভাগে পথটো নিৰ্মান কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলিও উত্থাপন হৈছিল অভিযোগ(Poor road Condition in Dima Hasao) । ইমান দিনৰ পৰা জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা পথচোৱা অৱশেষত বাধ্য হৈ এতিয়া এই পথটো মেৰামতি কৰাৰ বাবে পঞ্চম আৰক্ষী বেটেলিয়ানে শনিবাৰে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰে ।
উল্লেখযোগ্য দিয়ুংমুখ তিনিআলিৰ পৰা লোৱাৰ হাফলঙলৈকে অসমমালাৰ অধীনত দুইলেন পথ নিৰ্মাণৰ বাবে কাম আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু ভূমি অধিগ্ৰহণকলৈ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ বাবে এই দুইলেন পথ নিৰ্মাণৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে । অঞ্চলটোৰ বহু গাঁৱৰ বাসিন্দাসকলৰ অভিযোগ পথ নিৰ্মাণৰ বাবে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰাৰ পিচতেও চৰকাৰে তেওঁলোকৰ ক্ষতিপূৰণ এতিয়াও মোকোলাই দিয়া নাই ।
যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ বাসিন্দাসকলে ভূমি অধিগ্ৰহণৰ বাবদ ক্ষতিপূৰণ মুকলি কৰি নিদিলে তেওঁলোকে নিজৰ ভূমি এৰি নিদিয়ে বুলি ডিমা হাছাও জিলাৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে । যাৰ ফলত এই দুই লেন পথ নিৰ্মাণৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও ২০২২ চনৰ মে' মাহত সমগ্ৰ ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু লোক নিৰ্মাণ বিভাগৰ পথসমূহ সম্পূৰ্ণ ৰূপে বেয়া হৈ পৰিছিল । উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ তৎপৰতাত বেয়া পথসমূহ মেৰামতি কৰি চলাচলৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Biennial Conference of AJYCP: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি বাৰ্ষিক অধিৱেশন উদযাপন