ETV Bharat / state

হাফলঙত লক্ ডাউনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

ডিমা হাছাও জিলাৰ হাফলঙ চহৰত কৰ'ণাৰ বাবে জাৰি কৰা নিয়ম উলংঘা কৰা ব্যৱসায়ী আৰু সাধাৰণ লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন ৷

police administration strict against the rule breaker in dima hasao

author img

By

Published : Jul 8, 2020, 8:30 PM IST

ডিমা হাছাও, 8 জুলাইঃ অসমৰ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যখনত বৰ্তমানলৈ 13336 গৰাকী লোকলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ 16 গৰাকীলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও ৷ বৰ্তমানেও ৰাজ্যত 4988 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৷ যাৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত পূৰ্ণ পৰ্যায়ৰ লক্ ডাউন জাৰি কৰাৰ লগতে, সাপ্তাহিক লক ডাউন ঘোষণা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ কিন্তু তাৰ পিচতো যেন এতিয়াও সজাগ হোৱা নাই ৰাজ্যৰ একাংশ লোক ৷ বুধবাৰৰ দিনটোত নগাঁৱৰ বৰ বজাৰস্থিত মাছৰ পাইকাৰী বজাৰত কৰ'ণা প্ৰতিহত কৰাৰ বাবে জাৰি কৰা নিয়ম একাংশ লোকে উলংঘা কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে, ডিমা হাছাও জিলাৰ হাফলঙ চহৰতো দেখিবলৈ পোৱা গৈছে অত্যাধিক জনসমাগম ৷

হাফলঙত কৰ'ণাৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

ডিমা হাছাওত 14 দিনৰ বাবে পূৰ্ণ পৰ্যায়ৰ লক ডাউন ঘোষণা কৰি সপ্তাহৰ প্ৰতিটো সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে বিভিন্ন এলেকাত 30 শতাংশ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ কিন্তু ইয়াকে নকৰি বুধবাৰৰ দিনটোত হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ পিচত, চহৰ খনত দেখিবলৈ পোৱা গ'ল অত্যাধিক লোকৰ সমাগম ৷ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ অহা লোকৰ মাজত দেখা নগ'ল কোনো ধৰণৰ সামাজিক দূৰত্বৰ নিয়ম ৷ এই দৃশ্য পৰিলক্ষিত কৰাৰ পিচতে স্থানীয় লোক আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ লোক বাধ্য হ'ব বুলি ঘোষণা কৰে ৷ যিসকল লোক আৰু ব্যৱসায়ীয়ে সামাজিক দূৰত্ব মানি নচলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজহুৱা স্থানত ঘোষণা কৰি শেষ বাৰৰ বাবে সকীয়নি প্ৰদান কৰে আৰক্ষী প্ৰশাসনে ৷ লগতে দোকানৰ সন্মুখত সামাজিক দূৰত্ব মানি চলা নেদেখিলে সেইখন দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত বিশেষ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.