ETV Bharat / state

হাফলঙত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 9, 2021, 6:30 PM IST

অৱশেষত হাফলঙৰ ওয়াইংদিছা গাঁৱত উদ্ধাৰ হ'ল ফিৰঞ্জিত কেম্প্ৰাইৰ মৃতদেহ । চামপাৰিদিছা গাঁৱৰ ফিৰঞ্জিত কেম্প্ৰাই যোৱা ৫ জুনৰ পৰাই সন্ধানহীন হৈ আছিল । ফিৰঞ্জিত কেম্প্ৰাই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ।

Phiranjit Kemprai's deadbody recovered
হাফলঙৰ ওয়াইংদিছা গাঁৱত উদ্ধাৰ হ'ল ফিৰঞ্জিত কেম্প্ৰাইৰ মৃতদেহ

ডিমা হাছাও , ৯ জুন: যোৱা ৫ জুনৰ পৰা সন্ধানহীন হৈ থকা ফিৰঞ্জিত কেম্প্ৰাইৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয় হাফলঙৰ ওয়াইংদিছা গাঁৱত । ২২ বছৰীয়া ফিৰঞ্জিত কেম্প্ৰাই চামপৰিদিছা গাঁৱৰ ৰংমানন কেম্প্ৰাইৰ পুত্ৰ । ফিৰঞ্জিতে দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ লগতে গাড়ী চলাই পৰিয়াল পোহপাল দি আছিল ।

যোৱা ৫ জুনত চামপাৰিদিছা গাঁৱৰ একাংশ লোকক লৈ তেওঁৰ AS02-CC-5366 নম্বৰৰ টাটা মোবাইল বাহনেৰে ফিৰঞ্জিত হাফলং লৈ আহিছিল । ১২ বজাৰ পৰা সান্ধ্য আইন কাৰ্যকৰী হৈ থকাৰ বাবে ১২ বজাৰ আগতেই গাৱঁৰ পৰা অহা লোকসকলক লৈ হাফলংৰ পৰা চামপাৰিদিছা গাঁৱলৈ উভতি যায় যুৱকজন ।

কিন্তু গাঁৱৰ লোককসকলক চামপাৰিদিছাত থৈ পুনৰ হাফলং বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধান নাই ফিৰঞ্জিতৰ । বুধবাৰে যুৱকজনৰ মৃতদেহ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে তেওঁৰ টাটা মোবাইল বাহনখন ওয়াইংদিছা গাঁৱৰ পথৰ কাষত উদ্ধাৰ হয় ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, দণ্ডাধীশ আৰু হাফলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আৰক্ষী বাহিনী লগত লৈ হাফলংৰ পৰা গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

ফিৰঞ্জিত কেম্প্ৰাইৰ বাহনখন পথৰ যি ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে সেই স্থানৰ পৰা ৩০০ দূৰত্বত জংঘলৰ ভিতৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । প্ৰাথমিক অনুসন্ধাৰৰ পিছত যুৱকজনক দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । অতিৰিক্ত আৰক্ষী অধীক্ষ ইন্দ্ৰনীল বৰুৱাই কয় যে, যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতেহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ।

বৰ্তমানে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে । উল্লেখ্য যে, যোৱা বছৰ লকডাউনৰ সময়ত হাৰেংগাজাৰৰ পৰা ব্যৱসায়ী সন্তোষ হোজাইক অপহৰণ কৰাৰ ৭ দিনৰ পিছত লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিংৰ জংঘলত মাটিৰ তলত পুতি ৰখা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক:আংশিক লকডাউনৰ মাজতে বকোত তীব্ৰ যানজঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.