ডিমা হাছাও, 28 জুলাই : স্বাধীনতা যুঁজাৰু দেশভক্ত তৰুণৰাম ফুকনৰ আজি মৃত্যুবাৰ্ষিকী(Death anniversary of Tarun Ram Phukan) ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় দেশভক্ত তৰুণৰাম ফুকন মৃত্যুবাৰ্ষিকী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sarma) নিৰ্দেশমৰ্মে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিনটো আজি সমগ্ৰ ৰাজ্যজুৰি দেশভক্তি দিৱস হিচাবে পালন কৰা হয় ।
হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতো দেশভক্তি দিৱস পালন কৰা হয় ৷ ডিমা হাছাও জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত তথা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত পালন কৰা হয় দেশভক্তি দিৱস ৷ প্ৰথমে দেশভক্ত তৰুণ ৰাম ফুকনক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু অতিৰিক্ত জিলা উপায়ুক্ত পল্লব মজুমদাৰ, তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলোৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে ।
দেশভক্তি দিৱস উপলক্ষে জিলা উপায়ুক্ত নাজৰিন আহমেদ দেশভক্ত তৰুণ ৰাম ফুকনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদানৰ বিভিন্ন দিশ উল্লেখ কৰে । অন্যহাতে মাইবাঙত মহকুমা প্ৰশাসনৰ কাৰ্যালয়ত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যুদিৱস তথা দেশভক্ত দিৱস পালন কৰা হয় ।
লগতে পঢ়ক : World Hepatitis Day: বিশ্ব হেপাটাইটিছ দিৱসৰ সামূহিক দৌৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত