ডিমা হাছাও,18 মাৰ্চ: বুধবাৰে সন্ধিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ গেষ্ট হাউচত দেৱলাল গাৰ্লচাই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত গাৰ্লচাই কয়, কংগ্ৰেছে ডিমা হাছাও জিলাত বিজেপি দলে পঞ্চায়ত ৰাজ প্ৰৱৰ্তন কৰিব বুলি ভুৱা প্ৰচাৰ চলাই পাহাৰীয়া ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে ৷ কাৰণ পূৰ্বতে কেৱল কংগ্ৰেছ চৰকাৰেহে এই ক্ষেত্ৰত গুৰুত্ব দিছিল যদিও বিজেপিয়ে কোনো সিদ্ধান্ত লোৱা নাই ৷ মাথো পাহাৰীয়া লোকৰ মাজত এক বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰহে পোষকতা কৰিছে ৷
লগতে সংবাদমেলত গাৰ্লচাই কয়, 2009 চনৰ পৰা 2012 চনলৈকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত কংগ্ৰেছ ক্ষমতাত আছিল আৰু 2012 চনত কংগ্ৰেছ দলে পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তৎকালীন ৰাজ্যপালৰ ওচৰতে পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া কংগ্ৰেছেই আকৌ বিজেপিৰ ওপৰত অভিযোগ আনিছে।
লগতে পঢ়ক: ৰাজীৱ ভৱনত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ক্ষোভ !