ETV Bharat / state

Padma Awards 2023: পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হ’ল ডিমা হাছাও জিলাৰ ৰমাকুয়াংবেৰ নাম

author img

By

Published : Jan 26, 2023, 9:50 AM IST

পাহাৰীয়া জিলা ডিমা হাছাওত বৈছে আনন্দৰ জোৱাৰ ৷ কিয়নো দেশৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ বুধবাৰে ঘোষণা হ’ল এই বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম (Padma Awards 2023) ৷ বুধবাৰে ঘোষণা কৰা এই পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হৈছে হাফলঙৰ লোদি গাঁৱৰ বাসিন্দা সমাজকৰ্মী ৰামকুইৱাংবে জেনি (Padma Awards to Social worker Ramkuiwangbe Jene) ৷

Padma Awards 2023
পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত ৰমাকুয়াংবেৰ নাম

ডিমা হাছাও, 26 জানুৱাৰী : আজি দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্য তথা দেশবাসীয়ে আজি উদযাপন কৰিছে দেশৰ গণৰাজ্য দিৱসটি ৷ পুৱা 9 বজাৰ লগে লগে গণৰাজ্য দিৱসৰ মূল অনুষ্ঠান নতুন দিল্লীৰ ৰাজপথত আৰম্ভ হৈছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী দ্ৰৌপদী মুৰ্মুয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে দেশবাসীক সম্বধন কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইাৰ পাছতে সামৰিক আৰু অৰ্থসামৰিক বাহিনীৰ জোৱান, এন চি চি, স্কাউট এণ্ড গাইডৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা যোৱা দলসমূহৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।

দেশৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ বুধবাৰে ৰাজ্যলৈ আহিছিল এটা ভাল ভাল খবৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰে 2023 বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম (Padma Awards 2023)৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰে 2023 বৰ্ষৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰাপকসকলৰ নাম ৷

দেশৰ 6 গৰাকী ভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিলৈ পদ্ম বিভূষণ, 9 গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ 91 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ ইয়াৰে অসমৰ তিনিগৰাকী পুৰোধালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান (Padma Shri 2023 to Assamese)৷ তেওঁলোক হ’ল শিপিনী হেমপ্ৰভা চুতীয়া (Weaver Hemprabha Chutia), মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী (Mask Artist Hem Chandra Goswami) আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনি (Social worker Ramkuiwangbe Jene)৷

লগতে পঢ়ক : Three Assamese awarded Padma Shri: বিশিষ্ট বয়ন শিল্পী মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান

এই বাতৰি লাভ কৰাৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত বৈছে আনন্দৰ লহৰ ৷ কিয়নো পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হোৱা সমাজকৰ্মী ৰামকুইৱাংবে জেনি হৈছে পাহাৰীয়া জিলাৰ সদৰ চহৰ হাফলং লোদি গাঁৱৰ বাসিন্দা (Padma Awards to Social worker Ramkuiwangbe Jene) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ দ্বাৰা ঘোষণা কৰা এই বাতৰি লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমাজকৰ্মী ৰামকুইৱাংবে জেনি তথা তেওঁৰ পৰিয়াল আৰু আত্মীয়-স্বজন ৷

জানিব পৰা মতে, সমাজকৰ্মী ৰামকুইৱাংবে জেনি হৈছে এগৰাকী অৱসৰ প্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া ৷ বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত ৰামকুইৱাংবে জেনিৰ অৱদান কেতিয়াও নুই কৰিব নোৱাৰি ৷ নগা জনগোষ্ঠীৰ হেৰেককা ধৰ্মক ৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজীৱন কাম কৰি যোৱাৰ বাবে ৰমাকুয়াংবে নিউমেৰ নাম পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।

উল্লেখ্য যে, বুধবাৰে ঘোষণা কৰা পদ্ম বিভূষণ প্ৰাপকসকল ক্ৰমে গুজৰাটৰ বালকৃষ্ণ যোশী, মহাৰাষ্ট্ৰৰ জাকিৰ হুছেইন, কৰ্ণাটকৰ এছ এম কৃষ্ণ, পশ্চিম বংগৰ দিলীপ মহালনাৱিশ (মৰণোত্তৰভাৱে), আমেৰিকাৰ শ্ৰীনিৱাশ বৰাধন আৰু উত্তৰ প্ৰদেশৰ মূলায়ম সিং যাদৱ ৷

ইফালে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মু্​ঠ 12 গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ অসমৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ আনসকল সন্মানপ্ৰাপক হ’ল- ত্ৰিপুৰাৰ শিক্ষাবিদ নৰেন্দ্ৰ চন্দ্ৰ দেৱবৰ্মা (মৰণোত্তৰভাৱে) আৰু সমাজক্ৰমী বিক্ৰম বাহাদুৰ জামাতিয়া, মেঘালয়ৰ শিল্পী ৰিছিংৱৰ কুৰকালাং, মিজোৰামৰ শিল্পী কে. চি. ৰুনৰেমচাঙি, মণিপুৰৰ ক্ৰীড়াবিদ কে ছানাথইবা শৰ্মা, মণিপুৰৰ থাউনাউজাম চাওবা ছোদ, নাগালেণ্ডৰ শিল্পী লেইহুলোউ ছৰ্হাই আৰু শিল্পী মৱা ছুবং, অৰুণাচল প্ৰদেশৰ সমাজকৰ্মী কৰ্মা ৱাংচু (মৰণোত্তৰভাৱে) ৷

লগতে পঢ়ক : Padma Awards 2023 : ভিন্ন ক্ষেত্ৰৰ তিনি অসমীয়ালৈ পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.